নিউজ ডেস্ক, 29 মাৰ্চ : স্পেইনত কোভিড-19ত আক্ৰান্ত হৈ বিগত 24 ঘন্টাত নিহত হৈছে 838 গৰাকী লোক ৷ বৰ্তমানলৈ দেশখনত 6,528 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা ৷ বৰ্তমানলৈ স্পেইনত 78,797 গৰাকী লোক কৰ'ণাৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ দেশখনৰ বাৰবন-পাৰ্মাৰ স্পেনিছ ৰাজকুমাৰী মাৰিয়া টেৰেছাই কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷
![স্পেইনত 24 ঘন্টাত অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6584910_pic.jpg)