ETV Bharat / international

আহিছে ভাল খবৰঃ বিশ্বৰ প্ৰথম ক'ভিড প্ৰতিষেধক মুকলিৰ দিশে ৰাছিয়া - কৃত্ৰিম উপগ্ৰহ

কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক লৈ আহিছে ডাঙৰ খবৰ ৷ এইবাৰ কৰ‘ণাৰ ভেকচিন 10- 12 আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ‘ব বুলি দাবী কৰিছে ৰাছিয়াই ৷ শুকুৰবাৰে ৰাছিয়াই ঘোষণা কৰে এই কথা ৷ এয়া হব বিশ্বৰ সৰ্ব প্ৰথম কৰ‘ণাৰ প্ৰতিষেধক ৷

russia-to-register-first-covid-19-vaccine
আহিছে ভাল খবৰঃ বিশ্বৰ প্ৰথম ক'ভিড প্ৰতিষেধক মুকলিৰ দিশে ৰাছিয়া
author img

By

Published : Aug 7, 2020, 7:10 PM IST

মস্কো, 7 আগষ্ট : কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক লৈ আহিছে ডাঙৰ খবৰ ৷ এইবাৰ কৰ‘ণাৰ ভেকচিন 10- 12 আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ‘ব বুলি দাবী কৰিছে ৰাছিয়াই ৷ শুকুৰবাৰে ৰাছিয়াই ঘোষণা কৰে এই কথা ৷ এয়া হ'ব বিশ্বৰ সৰ্বপ্ৰথম কৰ‘ণাৰ প্ৰতিষেধক ৷

মস্কোই স্পুটনিকৰ ( পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ) দৰে প্ৰচাৰিত বিজয় লাভৰ চিন্তা কৰিছে ৷

প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায়োগিক ক'ভিড-19 প্ৰতিষেধকৰ মানৱ শৰীৰৰ পৰীক্ষণ প্ৰায় দুমাহ পূৰ্বে আৰম্ভ হৈছিল আৰু প্ৰতিষেধক বনোৱাৰ বৈশ্যিক প্ৰক্ৰিয়াত ৰাছিয়াৰ এই কৰ‘ণা প্ৰতিষেধক প্ৰস্তুতৰ দাবীক সমৰ্থন জনাবলৈ কোনো ধৰণৰ বৈজ্ঞানিক ভাষ্য প্ৰকাশিত হোৱা নাই ৷

ৰাছিয়াৰ এই প্ৰয়াসৰ পৃষ্ঠপোষকতা কৰা ৰাছিয়াৰ প্ৰত্যক্ষ নিৱেশ কোষৰ অধ্যক্ষ কিৰিল ডিমিত্ৰিবৰ মতে, গামালেয়া অনুসন্ধানক সংস্থা দ্বাৰা বিকশিত এই কভি‘ড প্ৰতিষেধক কেইদিনমানৰ ভিতৰতে স্বীকৃতি প্ৰদান কৰা হ‘ব আৰু এয়া বৈজ্ঞানিক সকলৰ দ্বাৰা তৃতীয় পৰ্যায়ৰ অধ্যয়নৰ পূৰ্বেই সম্পন্ন হ‘ব ৷

দেশখনৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুৰাশকোৱে কয় যে, চিকিৎসা কৰ্মীসকলক এই মাহতে এই প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু ইয়াৰ সমগ্ৰ খৰচ চৰকাৰে বহন কৰিব ৷

লগতে পঢ়ক : লোমহৰ্ষক শিশু অপহৰণ আৰু হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত শিলচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.