ETV Bharat / international

তুৰ্কী আৰু গ্ৰীচত ভূমিকম্পৰ তীব্ৰ জোঁকাৰণিত প্ৰাণহানি 24 গৰাকীৰ - তুৰ্কী আৰু গ্ৰীচত ভূমিকম্পৰ ফলত আঘাতপ্ৰাপ্ত হাজাৰৰো অধিক

তুৰ্কী আৰু গ্ৰীচত ভয়ংকৰ ভূমিকম্প ৷ ভূমিকম্পৰ ফলত 24 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছে হাজাৰৰো অধিক ৷

24 গৰাকীৰ মৃত্যু
তুৰ্কী আৰু গ্ৰীচত ভূমিকম্প
author img

By

Published : Oct 31, 2020, 7:32 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰ : তুৰ্কীৰ উপকূলীয় অঞ্চল আৰু গ্ৰীচ দ্বীপৰ মধ্যসাগৰত শুকুৰবাৰে ভূমিকম্পৰ তীব্ৰ জোঁকাৰণিৰ ফলত 24 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ বৃহৎ অট্টালিকা ধংস হোৱাৰ লগতে বানৰ কৱলত পৰাৰ ফলত 1000 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ৷

তুৰ্কী আৰু গ্ৰীচত ভূমিকম্প

ভূমিকম্পৰ জোঁকাৰণিৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে পশ্চিম তুৰ্কীৰ ইজমিৰৰ ছেফেৰিহিছাৰ জিলা ৷ তুৰ্কীৰ তৃতীয় বৃহত্তম নগৰ ইজমিৰত মৃত্যু হোৱা লোকৰ সংখ্যা 17 গৰাকী ৷ আনহাতে,আঘাতপ্ৰাপ্ত হৈছে 709 গৰাকী লোক ৷

চামোছত দেৱাল বাগৰি পৰাত দুই কিশোৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কত গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটকিছে টুইটাৰৰ জৰিয়তে কয়,"দুই কিশোৰৰ মৃত্যুত শোকপ্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে ৷" চামোছ দ্বীপত 19 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ আটাইকেইজনকে এথেন্সলৈ বিমানেৰে লৈ যোৱা হৈছিল আৰু সাতজনক চিকিৎসাধীন কৰা হৈছিল ৷

তুৰ্কীছ উপকূলীয় অঞ্চলত চুনামীৰ ঢৌৰ আক্ৰমণত বাৰুকৈয়ে প্ৰভাৱান্বিত হয় চামোছ ৷ ফলত সাগৰীয় পানীয়ে ভাটী নামৰ চহৰখন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে ৷ প্ৰশাসনে সকলোকে উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰি দিছে ৷

ইজমিৰৰ গৱৰ্নৰ য়াভোজ ছেলিম কোছগেৰে কয় যে, অট্টালিকাৰ ধংসৱাশেষৰ পৰা প্ৰায় 70 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক : কৃষ্ণাংগ ভোটাৰক আকৃষ্ট কৰিবলৈ নামি পৰিছে বিডেন বাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.