নিউজ ডেস্ক, ২০ এপ্ৰিলঃ দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে দেশবাসীক সম্বোধন জনায় খ্ৰীষ্টান ধৰ্মালম্বীৰ পৰাম্পৰাগত ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন কৰে । এই ইষ্টাৰে কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বান সমূহক দূৰ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।
পুটিনে কয়,খ্ৰীষ্টৰ পুনৰুত্থানৰ এই উজ্জ্বল দিনটোত মই ক'ব খোজু ভগৱানৰ কৃপাত সকলো ঠিক হ'ব ।
১৯ এপ্ৰিল দেওবাৰে কেথলিক্ছ আৰু প্ৰ'টেস্টেন্টছৰ এসপ্তাহৰ পাচতেই খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে ইষ্টাৰ । কৰ'ণা ভাইৰাছৰ ভয়াৱহতা আৰু গন সমাৱেশৰ নিষেধাজ্ঞাৰ বাবেই এইবাৰ প্ৰায় সংখ্যক ৰাছিয়ানবাসীয়ে অনলাইন আৰু টেলিভিছনৰ জৰিয়তে এই ইষ্টাৰৰ কাৰ্যপ্ৰণালী উপভোগ কৰিবলৈ বাধ্য হয় । অৱশ্যে লক ডাউন নথকা কিছু কিছু অঞ্চলত জনসমাৱেশ দেখা পোৱা যায় ।
ৰাছিয়াত বৰ্তমানলৈকে কোভিড-১৯ ত ৪২,৮৫৩ জন লোক আক্ৰান্ত হৈছে । আনহাতে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্য়াৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষ দহটা স্থানত আছে ৰাছিয়া ।