ETV Bharat / international

COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ কৰিব অক্সফৰ্ডৰ বিজ্ঞানীয়ে - অক্সফৰ্ড প্ৰতিষেধকৰ দল

COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ কৰিব অক্সফৰ্ডৰ বিজ্ঞানীয়ে ৷ 23 এপ্ৰিলত অক্সফৰ্ড বিশ্ববিদ্যালয়ে COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ সম্পন্ন কৰিছিল ৷

COVID-19 প্ৰতিষেধক
COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ কৰিব অক্সফৰ্ডৰ বিজ্ঞানীয়ে
author img

By

Published : Apr 28, 2020, 8:32 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 এপ্ৰিল : পূৰ্বৰ পৰীক্ষণত কিছু যোগাত্মক ফলাফল লাভ কৰাৰ পাচত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কিছু গৱেষকে পুনৰবাৰ COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ কৰিবলৈ সাজু হৈছে ৷ অক্সফৰ্ড প্ৰতিষেধকৰ দলে জানিবলৈ দিয়া অনুসৰি,23 এপ্ৰিলত অক্সফৰ্ড বিশ্ববিদ্যালয়ে COVID-19 প্ৰতিষেধকৰ পৰীক্ষণ সম্পন্ন কৰিছিল আৰু অহা মাহৰ ভিতৰত ব্ৰিটেইনৰ প্ৰায় 800 স্বয়ংসেৱকক প্ৰতিষেধকৰ পৰীক্ষণ চলোৱা হ'ব ৷

লগতে কোৱা হয় যে,ব্ৰিটেইনত এই পৰীক্ষণ সফল হ'লে,অক্সফৰ্ড দলে Kenya Medical Research Institute (KEMRI)ৰ দ্বাৰস্থ হ'ব ৷ কেনিয়াতো এই পৰীক্ষা চলাবৰ বাবে কেনিয়া চৰকাৰৰ সন্মতি গ্ৰহণ কৰিব দলটোৱে ৷

সোমবাৰে নিউয়ৰ্ক টাইমছে প্ৰদান কৰা এক প্ৰতিবেদন অনুসৰি,বিজ্ঞানীসকলে মে'ৰ মাহৰ শেষৰভাগত প্ৰায় 6000 লোকক এই প্ৰতিষেধকৰ দ্বাৰা পৰীক্ষা কৰা হ'ব ৷ এই পৰীক্ষণত যোগাত্মক ফলাফল লাভ কৰিলে ছেপ্তেম্বৰ মাহৰ পৰা এই প্ৰতিষেধক উপলব্ধ হ'ব ৷

উল্লেখ্য যে, যোৱা সপ্তাহত মোন্টানাত US National Institutes of Health's Rocky Mountain Laboratoryত অক্সফৰ্ডৰ প্ৰতিষেধকৰ অন্য এক পৰীক্ষা কৰা হৈছিল ৷ এই প্ৰতিষেধকে বান্দৰৰ ওপৰত যোগাত্মক ফলাফল প্ৰদৰ্শন কৰাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ ক্ষেত্ৰতো ই ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰা হৈছে ৷

উল্লেখ্য যে, COVID-19 ৰ প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে বৰ্তমান প্ৰায় 70 টাতকৈ অধিক গৱেষণা চলি আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.