ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী: স্পেইনত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গ'ল এগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ । স্পেইনৰ আলকালা দে হেনাৰেছ চহৰত এটা আবাসিক অট্টালিকাৰ প্ৰথম মহলাত মঙলবাৰে পুৱাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । মূহুৰ্তৰ ভিতৰতে প্ৰথম মহলাৰ প্ৰায়বোৰ বাসগৃহ আগুৰি ধৰে জুইৰ লেলিহান শিখাই । জৰুৰীকালীন সেৱাৰ বিষয়াই প্ৰকাশ কৰা তথ্য মতে, অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ২২ জনকৈ লোক আহত হয় ।
আনহাতে, চিকিৎসা সেৱাৰ তৰফৰ পৰা টুইটযোগে জনোৱা মতে, আহত লোকসকলক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে দুজন লোকৰ অৱস্থা সংকটজনক । সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপিত কৰা হৈছে । অৱশ্যে, অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক:মাডাৰ বৃদ্ধাবাসত গণৰাজ্য দিৱস পালন