ETV Bharat / international

NAM সন্মিলন : পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' আখ্যা ভাৰতৰ - nam সন্মিলনত পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' আখ্যা ভেংকায়া নাইডুৰ

গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ 18 সংখ্যক সন্মিলনত পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' আখ্যা দিলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে ৷ এই সন্মিলনতে নাইডুয়ে NAMৰ সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবৰ বাবেও আহ্বান জনায় ৷

এম. ভেংকায়া নাইডু
author img

By

Published : Oct 26, 2019, 8:43 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ : পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' হিচাপে আখ্যা দি শনিবাৰে ভাৰতে কয় যে,ইছলামাবাদে সন্ত্ৰাসবাদ নিৰ্মূল কৰিলেহে দেশখনৰ লগতে সমগ্ৰ বিশ্বৰে উন্নতি সাধন হ'ব ৷ গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ 18 সংখ্যক সন্মিলনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম.ভেংকায়া নাইডুয়ে মন্তব্য কৰে, "সন্ত্ৰাসবাদৰ বিষয়টো উত্থাপন হ'লে আমাৰ মনটো স্বাভাৱিকভাৱেই সন্ত্ৰাসবাদৰ মূল কেন্দ্ৰ পাকিস্তানৰ ফালে গুচি যায় ৷" এই সন্মিলনতে নাইডুয়ে NAMৰ সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবৰ বাবে আহ্বান জনায় ৷

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি
এম. ভেংকায়া নাইডু

পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিৰ বক্তৃতাৰ প্ৰত্যুত্তৰত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' বুলি অভিহিত কৰিছিল ৷ আৰিফ আলভিয়ে মন্তব্য কৰিছিল যে,সন্ত্ৰাসবাদক কোনো ৰাষ্ট্ৰ,অঞ্চল অথবা ধৰ্মই অকলে চিনাক্ত কৰি উলিয়াব নোৱাৰে ৷ আলভিয়ে আৰু কৈছিল যে,জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাটো আত্মসংকল্পৰ অধিকাৰত পোনপটীয়া শোষণ ৷

ইয়াৰ পাচতে ভেংকায়া নাইডুয়ে মন্তব্য কৰে যে,আন্তৰাষ্ট্ৰীয় সমূদায়ৰ বিশ্বাস আহৰণৰ বাবে পাকিস্তানে বহু পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.