ETV Bharat / international

নাগাৰ্নো-কাৰাবাখ চুক্তিক লৈ উত্তপ্ত য়েৰেভান

author img

By

Published : Nov 10, 2020, 5:38 PM IST

আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজৰ ভয়ংকৰ যুদ্ধৰ পিচতেই হোৱা চুক্তিক লৈ উত্তপ্ত হৈ পৰে য়েৰেভান ৷ নাগাৰ্নো-কাৰাবাখক লৈ দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰই ৰাছিয়াৰ হস্তক্ষেপত স্বাক্ষৰ কৰা চুক্তিক লৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰ্মেনিয়াৰ জনতাই ৷

নাগাৰ্নো-কাৰাবাখ চুক্তিক লৈ উত্তপ্ত য়েৰেভান
নাগাৰ্নো-কাৰাবাখ চুক্তিক লৈ উত্তপ্ত য়েৰেভান

নিউজ ডেস্ক, 10 নৱেম্বৰ : কেবামাহযোৰা যুদ্ধৰ অন্তত ৰাছিয়াৰ হস্তক্ষেপত নাগাৰ্নো-কাৰাবাখত লৈ যুদ্ধবিৰতিত উপনীত হয় আৰ্মেনিয়া আৰু আজাৰবেইজান ৷ কিন্তু যুদ্ধবিৰতিৰ পিচতেই আন এক সমস্যাৰ সন্মুখীন হৈছে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাশ্বিনিয়ান ৷ প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তক লৈ মঙলবাৰে আৰ্মেনিয়াৰ বহুসংখ্যক জনতাই ৰাজধানী য়েৰেভানত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বহুকেইটা চৰকাৰী বাসভৱনৰ ক্ষতিসাধন কৰে ৷

লগতে পঢ়ক : কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ

বিবাদিত নাগাৰ্নো-কাৰাবাখক লৈ চলি থকা যুদ্ধৰ অৱসান ঘটাবলৈ ৰাছিয়াই এইটো অঞ্চলত 2,000 শান্তিৰক্ষী বাহিনী মোতায়েন কৰাৰ বাবে যুদ্ধবিৰতি চুক্তিত মধ্যস্থতা কৰে ৷ প্ৰধানমন্ত্ৰী পাশ্বিনিয়ানে ফেচবুকযোগে ইয়াক প্ৰকাশ কৰাৰ লগতে যুদ্ধই তেওঁক আৰু তেওঁৰ দেশৰ জনতাক বহুখিনি কষ্ট দিলে বুলি জনায় ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিচতেই সহস্ৰাধিক জনতাই ৰাজধানী চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকৰ দেশৰ মাটি এৰি নিদিয়ে বুলি শ্লোগান দিয়া আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে প্ৰতিবাদী জনতাই দেশখনৰ চৰকাৰী কাৰ্য্যালয়সমূহৰ বিস্তৰ ক্ষতিসাধণ কৰাৰ লগতে কেবাঠাইটো অগ্নিসংযোগ কৰে ৷

লগতে পঢ়ক : ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

এই চুক্তি অনুসৰি, আৰ্মেনিয়াৰ সৈন্যবাহিনীয়ে দখল কৰি থকা আগদাম জিলাকে ধৰি বহুকেইটা অঞ্চলৰ পৰা নিজৰ নিয়ন্ত্ৰণ হেৰুৱাব লগীয়া হয় ৷ এইটো অঞ্চল আজাৰবেইজানৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ মুখ্য চহৰ আগদাম ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈছে যদিও মুল অট্টালিকাটো চহৰখনত থকা মছজিদৰ কাষতে সুৰক্ষিত অৱস্থাত আছে ৷ ইয়াৰ উপৰিও আৰ্মেনিয়াই লাছিন অঞ্চলৰ পৰা নিয়ন্ত্ৰণ উঠাই লয় যিটো অঞ্চলৰ মাজেৰে যোৱা মুল পথে নাগাৰ্নো-কাৰাবাখক আৰ্মেনিয়াৰ সৈতে সংযোগ কৰে ৷ লাছিন কৰিডৰ হিচাপে জনাজাত এইটো পথৰ দায়িত্ব ৰাছিয়ান শান্তিৰক্ষী বাহিনীক প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

নাগাৰ্নো-কাৰাবাখ 1994 চনৰ পৰা আৰ্মেনিয়াৰ সৈনিকৰ দখলত আছিল ৷ কিন্তু 1994 চনত হোৱা এক বিচ্ছিন্নতাবাদী আন্দোলনত এইটো অঞ্চলত 30,000ৰো অধিক লোক নিহত হৈছিল ৷ তেতিয়াৰ পৰাই ইয়াক লৈ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু চলিত বৰ্ষৰ 27 ছেপ্তেম্বৰত এই এক পূৰ্ণাংগ যুদ্ধৰ ৰূপ ধাৰণ কৰে ৷ এই যুদ্ধত তুৰ্কী আৰু পাকিস্তানৰ সহযোগত আজাৰবেইজানে আৰ্মেনিয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ লগতে ৰাছিয়াৰ সহযোগত আৰ্মেনিয়াই আজাৰবেইজানক ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰে ৷ যুদ্ধৰ ফলত দুয়োপক্ষৰে হাজাৰোধিক সৈনিক নিহত হয় ৷

লগতে পঢ়ক : নাগৰ্নো-কাৰাবাখৰ যুদ্ধবিৰতিৰ বিফলতা দেখাটো হতাশাজনক : ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.