ETV Bharat / international

জনছনৰ মৃত্যুৰ আশংকাত আকস্মিক আঁচনি সাজু ৰাখিছিল ব্ৰিটেইনে

বৰিছ জনছনৰ মৃত্য়ুৰ আশংকাত আকস্মিক আঁচনি সাজু কৰি ৰাখিছিল ব্ৰিটেইনে ৷ আৰোগ্য হোৱাৰ পাচত নিজ মুখেৰে এই মন্তব্য কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

author img

By

Published : May 3, 2020, 7:43 PM IST

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী
বৰিছ জনছন

ইন্টাৰনেশ্যনেল ডেস্ক, 3 মে' : ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে মন্তব্য কৰে যে, COVID-19 ৰ ফলত তেওঁৰ মৃত্যু হোৱাৰ আশংকা কৰি ব্ৰিটেইনে আকস্মিক আঁচনি সাজু কৰি ৰাখিছিল ৷

'দা ছান'ক প্ৰদান কৰা এক সাক্ষাৎকাৰত জনছনে কয়, "ষ্টেলিনৰ মৃত্যুৰ দৰে পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ ৰণনীতি আছিল ৷ এয়া বহু কষ্টকৰ সময় আছিল, মই এয়া অস্বীকাৰ নকৰো ৷"

তেওঁ লগতে কয়, "মোৰ অৱস্থা যথেষ্ট শোচনীয় আছিল আৰু আকস্মিক আঁচনি সম্পৰ্কত মোক জনোৱা হৈছিল ৷"

তেওঁৰ চিকিৎসাৰ সময়ত 'লিটাৰ আৰু লিটাৰ অক্সিজেন' প্ৰদান কৰা হৈছিল বুলি প্ৰকাশ কৰে জনছনে ৷ উল্লেখ্য যে, 26 মাৰ্চত জনছন কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু তেওঁক আইচিইউত ৰখা হৈছিল ৷

তেওঁৰ আৰোগ্যতা সন্দৰ্ভত তেওঁ কয়, "এয়া চিকিৎসা বিভাগৰ প্ৰচেষ্টাৰ ফলত সম্ভৱ হৈ উঠিছে ৷ মই নিজকে ভাগ্যৱান যেন অনুভৱ কৰো ৷ কিন্তু, এতিয়াও বহু লোক এই ৰোগত আক্ৰান্ত হৈ আছে ৷ সেয়েহে এতিয়া যদি আপোনালোকে মোক সোধে যে, মই অন্য লোকক এই ৰোগৰ পৰা মুক্ত কৰিব বিচাৰো নেকি, তেন্তে মই বিচাৰিম ৷"

আৰোগ্য হোৱাৰ পাচত 26 এপ্ৰিলৰ পৰা বৰিছ জনছনে চৰকাৰৰ দায়িত্বভাৰ পুনৰ গ্ৰহণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.