ETV Bharat / international

COVID-19 য়ে শিশুৰ জীৱনত ধংসাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে : UNICEF

author img

By

Published : Apr 18, 2020, 7:35 PM IST

শিশুৰ জীৱনত ভয়াৱহ প্ৰভাৱ পৰিছে COVID-19 ৰ ৷ এই মন্তব্য UNICEFৰ সঞ্চালক ল'ৰেন্স চেণ্ডীৰ ৷

UNICEF ৰ সঞ্চালক ল'ৰেন্স চেণ্ডীৰ মন্তব্য
শিশুৰ জীৱনত ভয়াবহ প্ৰভাৱ পৰিছে COVID-19

ইন্টাৰনেশ্যনেল ডেস্ক, 18 এপ্ৰিল : শুকুৰবাৰে ইউনিচেফে (The United Nations Children's Fund) মন্তব্য কৰে যে, COVID-19 মহামাৰীয়ে বিশ্বজুৰি শিশুসকলৰ জীৱনত ধংসাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে ৷

"সকলোৱে COVID-19ৰ নতুন আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ হিচাপ ৰাখিছে ৷ কিন্তু, ইয়াৰ ফলত মহামাৰীয়ে শিশুৰ জীৱনত পেলোৱা কুপ্ৰভাৱ সম্পৰ্কত ধ্যান দিবলৈ আমি পাহৰি গৈছো"-এই মন্তব্য Global Insight and Policy কাৰ্যালয়ৰ UNICEF সঞ্চালক ল'ৰেন্স চেণ্ডীৰ ৷

তেওঁ কয়,"এই ৰোগৰ প্ৰভাৱ কেৱল স্বাস্থ্যৰ ওপৰতেই পৰা নাই,শিশুসকলৰ জীৱনত বিশেষকৈ তেওঁলোকৰ শিক্ষা,সুৰক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰতো পৰিছে ৷"

লগতে চেণ্ডীয়ে বিশ্বজোৰা অৰ্থনৈতিক সংকটৰ ওপৰতো মন্তব্য় আগবঢ়ায় ৷ বিশ্বৰ প্ৰায় 170 খন দেশে এই বছৰত ভুগিবলগা অৰ্থনৈতিক অস্থিৰতাৰ বিষয়ে আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (IMF) পূৰ্বেই মন্তব্য কৰাৰ কথাও তেওঁ উনুকিয়ায় ৷

চেণ্ডীয়ে কয়, "দুখীয়া পৰিয়ালসমূহে যিহেতু উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ফলত তেওঁলোকে খাদ্যৰ সংকটত ভোগাৰ লগতে স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পৰিছে ৷ ইয়াৰ প্ৰভাৱ পৰিয়ালসমূহৰ শিশুসকলৰ ওপৰত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷"

যিহেতু বিশ্বৰ 1.5 বিলিয়ন শিশুৰ শিক্ষাত বাধা আহি পৰিছে সেয়েহে ইয়াৰ গুৰুতৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰিব ৷ ইয়াৰোপৰি,ঘৰুৱা হিংসাৰ বলি হোৱা পৰিয়ালৰ শিশুসকলো বৰ্তমান ঘৰতে আবদ্ধ হৈ থকাৰ ফলত তেওঁলোকৰ স্বভাৱ-চৰিত্ৰ আৰু মানসিকতাতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব পাৰে ৷"

আনহাতে, স্বাস্থ্য সম্পৰ্কত তেওঁ মন্তব্য কৰে যে,এই মহামাৰীৰ ফলত এই বৰ্ষত অতিৰিক্ত বহু হাজাৰ শিশুৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ৷ চেণ্ডীয়ে কয়, শিশুৰ উন্নয়নৰ বাবে বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া বৰ্তমান থমকি ৰ'ল ৷ এতিয়া এই লক্ষ্যত উপনীত হোৱাতো বহু কষ্টকৰ ৷ এই পৰিস্থিতিৰ পৰা যিকোনো প্ৰকাৰে উপশম হ'বলৈ চেষ্টা কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.