ETV Bharat / international

কম দৰমহাৰ বাবে পদত্যাগ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী জনছনে !

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে টৰী দলৰ কিছুসংখ্যক সাংসদে ৷ পূৰ্বৰ উপাৰ্জনৰ তুলনাত বৰ্তমানৰ উপাৰ্জন যথেষ্ট নহয় বাবে পদত্যাগৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ ৷

author img

By

Published : Oct 20, 2020, 11:31 AM IST

Updated : Oct 20, 2020, 2:08 PM IST

British PM Boris Johnson plans to resign
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ইন্টাৰনেশ্যনেল ডেস্ক, 20 অক্টোবৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে টৰী দলৰ কিছুসংখ্যক সাংসদে ৷ তেওঁৰ পূৰ্বৰ উপাৰ্জনৰ তুলনাত বৰ্তমানৰ 150,402 পাউণ্ডৰ উপাৰ্জন যথেষ্ট নহয় আৰু এইখিনি ধনেৰে তেওঁ জীৱিকা কৰিবলৈ অসম্ভৱ বুলি জনাইছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক কিছুসংখ্যক সাংসদে ৷

'ডেইলী মিৰৰ' নামৰ ব্ৰিটিছ টেবলয়ডে প্ৰদান কৰা তথ্য অনুসৰি, সাংসদসকলে কয় যে, এখন বাতৰিকাকতৰ লেখক হিচাপে তেওঁ পূৰ্বে 23,000 পাউণ্ড উপাৰ্জন কৰিছিল ৷ বৰিছৰ ছয়জনকৈ সন্তান আছে আৰু কেইজনমান সৰু হৈ থকাৰ বাবে তেওঁলোকক আৰ্থিকভাৱে বৰিছে সহায় কৰিবলগা হয় ৷ ইয়াৰোপৰি, তেওঁৰ প্ৰাক্তন পত্নী মেৰিনা হুইলাৰকো বিবাহ-বিচ্ছেদৰ পাচত উপাৰ্জনৰ কিছু অংশ প্ৰদান কৰিব লাগে ৷

উল্লেখ্য যে, টৰী দলৰ নেতৃত্ব গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে টেলিগ্ৰাফৰ পৰা প্ৰতি বছৰে 275,000 পাউণ্ড হিচাপে দৰমহা লাভ কৰাৰ লগতে মাহত দুটাকৈ ভাষণ প্ৰদান কৰি সংগ্ৰহ কৰিছিল 160,000 পাউণ্ড ৷

বৰিছ জনছনে পদত্যাগ কৰিলে ব্ৰিটেইনৰ চেঞ্চেলাৰ ঋষি সুনাকামক এই পদত অধিষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ 'মিৰৰ' য়ে প্ৰদান কৰা এক ৰিপোৰ্ট অনুসৰি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত আছে 5 জনকৈ প্ৰাৰ্থী - চেঞ্চেলাৰ ঋষি সুনাকাম, বৈদেশিক সচিব ডমিনিক ৰাব, কেবিনেটৰ অফিচ চীফ মাইকেল গোভ, প্ৰাক্তন স্বাস্থ্য সচিব জেৰেমী হান্ট আৰু প্ৰাক্তন প্ৰতিৰক্ষা সচিব পেনী মোৰডন্ট ৷

লগতে পঢ়ক : ভাৰতীয় আৰু শ্ৰীলংকা নৌ-সেনাৰ মাজত আৰম্ভ দ্বিপাক্ষিক অনুশীলন

Last Updated : Oct 20, 2020, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.