ETV Bharat / international

Russia Ukraine War: ইউক্ৰেইনক কি আশ্বাস দিছে আমেৰিকাৰ বিদেশ সচিবে ?

author img

By

Published : Mar 1, 2022, 3:38 PM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (Russia Ukraine war) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰি বিপদত ৰাছিয়া । ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে বহু দেশে । শেহতীয়াকৈ আমেৰিকাকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনক দিছে সহায়ৰ আশ্বাস ।

ইউক্ৰেইনক কি আশ্বাস দিছে আমেৰিকাৰ বিদেশ সচিবে ?

ইণ্টাৰনেশ্যনেল ডেস্ক,১ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine war) অব্যাহত আছে । ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক অভিযানে উদ্বিগ্ন কৰি তুলিছে বিশ্ববাসীক । বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াৰ এই পদক্ষেপক গৰিহণা দিছে ।

কেৱল গৰিহণা দিয়াই নহয় ইউক্ৰেইনৰ পক্ষত থকাৰ কথাও ঘোষণা কৰিছে কেইবাখনো দেশে । ইয়াৰোপৰি ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত প্ৰতিবন্ধকতা জাৰি কৰিছে কেইবাখনো দেশে । ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে অধিক নিষেধাজ্ঞা আৰোপ কৰাৰ আশ্বাস দিছে । ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই কয় যে যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে এই ক্ষেত্ৰত সহায়ৰ আশ্বাস প্ৰদান কৰিছে ।

লগতে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিবলৈও সাজু হৈছে আমেৰিকা । বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই লগতে কয় যে ৰাছিয়াৰ শেহতীয়া সামৰিক অভিযান সন্দৰ্ভত ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বোৰেলৰ সৈতেও তেওঁ আলোচনা কৰিছে । বৈদেশিক মন্ত্ৰী গৰাকীয়ে কোৱা মতে জোচেপ বোৰেলক শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে নিৰ্বিচাৰ গুলীবৰ্ষণত সাধাৰণ নাগৰিকৰ মৃত্যুৰ প্ৰসংগও উল্লেখ কৰিছে ।

টুইটাৰৰ জৰিয়তে কুলেবাই জনায় যে তেওঁ ইটালীৰ বৈদেশিক মন্ত্ৰী লুইগি দি মায়োৰ সৈতেও ফোনত কথা পাতিছে । ইয়াৰ উপৰিও ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লিথুৱেনিয়া আৰু ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ক্ৰমে গেব্ৰিয়েলিয়াছ লেণ্ডচবাৰ্গিছ আৰু ভিভিয়ান বালাকৃষ্ণনৰ সৈতেও বাৰ্তালাপ কৰিছে ।

লগতে পঢ়ক :Russia Ukraine conflict: ৰাছিয়া আৰু ইউক্ৰেইনত টুইটাৰৰ বিজ্ঞাপন প্ৰদৰ্শন বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.