ETV Bharat / international

বেলাৰুচত তীব্ৰ প্ৰতিবাদৰ পিছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ

9 আগষ্টত ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ষষ্ঠ কাৰ্যকালৰ বাবে জয়ী হোৱা ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে ইতিমধ্যে এসপ্তাহ অতিক্ৰম কৰিছে ৷ নিৰ্বাচনত তেখেতৰ বিৰুদ্ধে হেৰাফেৰীৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৷ শনিবাৰে দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমীৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল আলেকজেণ্ডাৰ লুকাশ্বেকো ৷ নিৰ্বাচনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনাত মিলিত হৈছে দুয়োগৰাকী নেতা ৷

Belarus protests intensify but leader rejects demand to resign
বেলাৰুচত তীব্ৰ প্ৰতিবাদৰ পিছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকো
author img

By

Published : Aug 16, 2020, 1:09 PM IST

ইন্টাৰনেশ্যনেল ডেক্স, 16 আগষ্টঃ বেলাৰুচত ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ পদত্যাগৰ দাবীত শনিবাৰে সহস্ৰাধিক লোকে সমদল উলিয়ায় ৷ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিছতেই অধিক প্ৰতিবাদমুখৰ হৈ পৰিছে বেলাৰুচ ৷

9 আগষ্টত ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ষষ্ঠ কাৰ্যকালৰ বাবে জয়ী হোৱা ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে ইতিমধ্যে এসপ্তাহ অতিক্ৰম কৰিছে ৷ নিৰ্বাচনত তেখেতৰ বিৰুদ্ধে হেৰাফেৰীৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৷ শনিবাৰে দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমীৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল আলেকজেণ্ডাৰ লুকাশ্বেকো ৷ নিৰ্বাচনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনাত মিলিত হৈছে দুয়োগৰাকী নেতা ৷

ক্ৰেমলিনৰ এক বিবৃতিত প্ৰকাশ পাইছে যে, ‘ এই সমস্যাসমূহ দুয়োদেশৰে সহযোগিতাক ক্ষতি কৰাৰ লক্ষ্যৰে কোনো ধ্বংসাত্ম শক্তিৰ দ্বাৰা পৰিচালিত নহ’ওক ৷’ উল্লেখ্য যে, 1997 চনতে ৰাছিয়া আৰু বেলাৰুচে পূৰ্বৰ চুবুৰীয়া চোফিয়েট দেশসমূহৰ সৈতে সম্বন্ধ কৰাৰ বাবে চুক্তি কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধিকাৰীসকলৰ সৈতে হোৱা এক বৈঠকত লুকাশ্বেকোই ঘোষণা কৰি কয় যে,‘আমাৰ কাষত এখন সাধাৰণ দেশ আছে, এখন সংবিধান আছে ৷ আমাক কোনো ধৰণৰ বিদেশী চৰকাৰ তথা মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই ৷’

আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচনত লুকাশ্বেকোৰ মূল প্ৰতিদ্বন্দী শ্বিতলানা শিখানোস্কিয়াই বহু কেইগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰত্যাহ্বান প্ৰদান কৰা আৰোপসমূহৰ বাবে কাৰাগাৰত বন্দী হৈ থকা বুলি জানিও নিৰ্বাচনৰ পিছৰ দিনাই লিথুৱানিয়ালৈ পলাই যায় ৷

শনিবাৰে প্ৰতিবাদত আৰক্ষীৰ হাতত নিহত 34 বৰ্ষীয় আলকজেণ্ডাৰ তাৰাইকোভস্কীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় ৷ বেলাৰুচ আৰক্ষীয়ে কয় যে, তেখেতে এটা বিস্ফোৰক সামগ্ৰী আৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰাৰ সময়তেই হাততে জ্বলি যোৱাৰ ফলত আলকজেণ্ডাৰ তাৰাইকোভস্কীৰ মৃত্যু হয় ৷ আনহাতে, তেখেতৰ পত্নী এলিনা জাৰ্মানে এই অভিযোগ খণ্ডন কৰি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, যেতিয়া তেঁও আলকজেণ্ডাৰৰ মৃতদেহটো মৰ্গত দেখিছিল তেতিয়া তেঁওৰ হাতত কোনো আঘাতৰ চিন নাছিল ৷

শনিবাৰে আলকজেণ্ডৰৰ মৃত্যু হোৱা ঠাইডোখৰত প্ৰায় 5,000 প্ৰতিবাদকাৰী একত্ৰিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সমান্তৰালকৈ মস্কোস্থিত বেলাৰুচ দূতাবাসতো প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ইতিমধ্যে বেলাৰুচৰ প্ৰতিবাদে দক্ষিণতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক-সুখবৰ: আজিৰে পৰা ভক্তৰ বাবে মুকলি বৈষ্ণু দেৱী মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.