ETV Bharat / international

Russia Ukraine War : আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ চৰকাৰৰ - ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশে অগ্ৰসৰ হৈছে । এনে পৰিস্থিতিত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ মাজতেই উদ্বেগজনকভাৱে আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ দিলে চৰকাৰে (Advisory tells Indian to leave Kyiv immediately) ।

advisory-tells-indian-to-leave-kyiv-immediately
আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ চৰকাৰৰ
author img

By

Published : Mar 1, 2022, 2:22 PM IST

Updated : Mar 1, 2022, 2:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়কে মঙলবাৰৰ ভিতৰত কিভ এৰাৰ নিৰ্দেশনা দিলে ভাৰত চৰকাৰে । ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰি মঙলবাৰৰ ভিতৰতেই সকলো ভাৰতীয়কে ইউক্ৰেইন এৰাৰ নিৰ্দেশ দিয়া হৈছে (Advisory tells Indian to leave Kyiv immediately) ।

সকলো ভাৰতীয়কে ট্ৰেইন, বাছ তথা আন সম্ভৱ সকলো যাতায়াতৰ ব্যৱস্থা ব্যৱহাৰ কৰি শীঘ্ৰেই কিভ এৰাৰ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্য়েই ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনাক এই উদ্ধাৰ অভিযানত সকলো সহায় কৰিবলৈ নিৰ্দেশ দিছে ।

ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখৰ পৰাই ইউক্ৰেইনৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ পাছত প্ৰাইভেট বিমান সংস্থাসমূহৰ বিমানৰ জৰিয়তে আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসমূহক যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়াও প্ৰায় ১,৪০,০০ ভাৰতীয় ইউক্ৰেইনত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

ভাৰতীয় বায়ুসেনাৰ একাধিক C-17 বিমান আৱদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ ঘূৰাই আনিবলৈ সম্ভৱত মঙলবাৰে ইউক্ৰেইনৰ সীমান্তত থকা ৰোমানিয়া, হাংগেৰী, পোলেণ্ড আদি দেশলৈ ৰাওনা হ'ব ।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্ব এতিয়া উদ্বিগ্ন । মূহুৰ্তে মূহুৰ্তে সলনি হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ পৰিস্থিতি । ইতিমধ্য়েই এই পৰিস্থিতিৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ অভিযানৰ বিষয়ে জনাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিছে আৰু পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে ।

লগতে পঢ়ক : Ukraine crisis : ভাৰত পালেহি অপাৰেশ্যন গংগাৰ অধীনষ্ঠ সপ্তমখন বিমান

Last Updated : Mar 1, 2022, 2:49 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.