ETV Bharat / international

ইংলেণ্ডৰ প্ৰথমটো ক’ভিড ভেকচিন গ্ৰহণ কৰিব ভাৰতীয় মূলৰ ব্যক্তিয়ে - ndian origin man first to get COVID 19 vaccine in UK

ইংলেণ্ডৰ প্ৰথমটো ক’ভিড-19ৰ ভেকচিন গ্ৰহণ কৰিব 87 বৰ্ষীয় ভাৰতীয় মূলৰ ব্যক্তি হৰি শুক্লাই ৷ এই সন্দৰ্ভত মন্তব্য হৰি শুক্লাই কয়, "ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মঙলবাৰৰ দিনটোক ইংলেণ্ডত ‘ভি-ডে’ অৰ্থাত ‘ভেকচিন দিৱস’ হিচাপে ঘোষণা কৰাৰ পিছতে এইয়া মোৰ কৰ্তব্য যে মই ক’ভিড ভেকচিনৰ প্ৰথম পালিটো গ্ৰহণ কৰো ৷"

87 year old Indian origin man first to get COVID-19 vaccine in UK
ইংলেণ্ডত প্ৰথমটো ক’ভিড 19ৰ ভেকচিন গ্ৰহণ কৰিব 87 বৰ্ষীয় ভাৰতীয় মূলৰ ব্যক্তিয়ে
author img

By

Published : Dec 8, 2020, 12:37 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,8 ডিচেম্বৰঃ ক’ভিড-19ৰ ভেকচিন লাভ কৰা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী হিচাপে চিহ্নিত হ’ব ভাৰতীয় মূলৰ ইংলেণ্ডৰ নিবাসী 87 বৰ্ষীয় হৰি শুক্লা ৷ মঙলবাৰে তেখেতে ইংলেণ্ডৰ নিউকেছেলত Pfizer/BioNTechৰ টীকা গ্ৰহণ কৰিব ৷

এই সন্দৰ্ভত মন্তব্য হৰি শুক্লাই কয়, "ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মঙলবাৰৰ দিনটোক ইংলেণ্ডত ‘ভি-ডে’ অৰ্থাত ‘ভেকচিন দিৱস’ হিচাপে ঘোষণা কৰাৰ পিছতে এইয়া মোৰ কৰ্তব্য যে মই ক’ভিড ভেকচিনৰ প্ৰথম পালিটো গ্ৰহণ কৰো ৷"

তেখেতে আৰু কয়, "মই যথেষ্ট সন্তুষ্ট যে আমি এই মহামাৰীৰ অন্তৰ দিশে ক্ৰমান্বয়ে আগবাঢ়িছো ৷ আৰু মই এই ক্ষেত্ৰত ভেকচিন গ্ৰহণৰে মোৰ কৰ্তব্য পালন কৰিবলৈ পাই যথেষ্ট সুখী ৷ মই ভাৱো মই সামৰ্থ অনুসৰি যি কৰিব পাৰো সেইয়া কৰাটো মোৰ কৰ্তব্য ৷" ইংলেণ্ডৰ টীকাকৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ যুটীয়া কমিটিয়ে নিৰ্দিষ্ট কৰি দিয়া মানদণ্ডৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰীয় স্বাস্থ্য সেৱাই হৰি শুক্লাক জাননী প্ৰেৰণ কৰিছিল ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী বৰিছ জনছনে ক’ভিড-19ৰ ভেকচিনেচনত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি জনাই জনসাধাৰণক সাৱধানতা অৱলম্বৰ কৰাৰ লগতে লকডাউনৰ নীতিসমূহ মানি চলাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক-হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.