নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ যোৱা ৩০ টা বছৰে ১৭ এপ্ৰিল দিনটোত পালন কৰি অহা হৈছে বিশ্ব হিম'ফিলিয়া দিৱস হিচাপ। হিমোফেলিয়া বা ৰক্তপাত ব্যাধি ৰোগটোৰ সজাগতাৰ বাবেই পালন কৰি অহা হৈছে এই দিৱস।
কি এই হিম'ফিলিয়াৰোগ ?
হিম'ফিলিয়া হৈছে উত্তৰাধিকাৰ সূত্ৰে হোৱা এটা বিৰল ৰোগ । এই ৰোগত সাধাৰণতে তেজ গোট মাৰিব সক্ষম নহয় । তেজত গোট মাৰিব পৰা প্ৰ'টিনৰ অভাৱৰ বাবেই এই ৰোগৰ সৃষ্টি হয় । এই ৰোগত আক্ৰান্ত ৰোগীৰ যদি হাত ইত্য়াদি কাট খায় তেন্তে দীৰ্ঘ সময়লৈ ৰক্তপাত হৈ থাকে । এই বৰ্ষত বিশ্ব হিম'ফিলিয়া দিৱসৰ মূল বিষয় হৈছে 'Get+involved' । সম্প্ৰদায় তথা বিশ্বস্তৰীয় স্তৰত সকলোৰে বাবে চিকিৎসা সহায়ৰ এটা পদক্ষেপ এইটো ।
কিয় হয় হিম'ফিলিয়া-
যেতিয়া কোনো লোকৰ ৰক্তপাত হয় তেতিয়া তেজৰ কোষ সমূহ একলেগে গোট খাই ৰক্তপাত বন্ধ কৰাত সহায় কৰে । কিন্তু হিম'ফিলিয়া ৰোগীৰ ক্ষেত্ৰত ব্য়তিক্ৰম হয় । হিম'ফিলিয়াৰ বহুতো প্ৰকাৰ আছে । বেছিভাগেই উত্তৰাধিকাৰ সূত্ৰে হয় । অৱশ্য়ে ৩০ শতাংশ লোকৰ এই ৰোগৰ কোনো পৰিয়ালকেন্দ্ৰিক ইতিহাস পোৱা যোৱা নাই । এওঁলোকৰ জিনত অপ্ৰত্যাশিত এক পৰিৱৰ্তন দেখা পোৱা যায় । আনহাতে অৰ্জিত হিম'ফিলিয়া এনে এটা বিৰল ধৰণৰ অৱস্থা যেতিয়া কোনো লোকৰ প্ৰতিৰোধ ব্যৱস্থা ৰক্ত গোট মৰা কাৰক সমূহত আক্ৰমণ চলায় তেতিয়া দেখা পোৱা যায় । সাধাৰণতে গৰ্ভাৱস্থা,অট'ইম্য়ুন পৰিস্থিতি,কৰ্কট ৰোগ, মল্টিপুল স্কেলেৰ'ছিচৰ সৈতে জড়িত এই ৰোগ ।
হিম'ফিলিয়াৰ ফলত কি হ'ব পাৰে-
- হাড়ৰ জোৰা সমূহত (joints) ৰক্তক্ষৰণ, যিটো পাচত পূৰণি সংযুক্ত ৰোগ তথা বিষৰ কাৰণ হ'ব পাৰে ।
- মূৰত ৰক্তশ্ৰাৱ আৰু কেতিয়াবা কেতিয়াবা মস্তিষ্কত ষ্ট্ৰক আৰু পক্ষঘাতৰ সমস্য়া সৃষ্টি কৰিব পাৰে ।
- ৰক্তশ্ৰাৱ বন্ধ নহ'লে অথবা মস্তিষ্কৰ গুৰুত্বপূৰ্ণ অংগই কাম নকৰিলে মৃত্যুও হ'ব পাৰে ।
হিম'ফিলিয়াৰ প্ৰকাৰ-
- হিম'ফিলিয়া A (Classic Hemophilia)
- হিম'ফিলিয়া B (Christmas Disease)
- লক্ষণ সমূহ-
- হাড়ৰ জোৰা সমূহত ৰক্তপাত, ফুলি উঠা, বিষ । বিশেষকৈ আঁঠু, গেৰুৱা আৰু এংকেলছত ।
- চালত ৰক্তশ্ৰাৱ । মাংস পেশী সমূহৰ কোমল টিছুত তেজ তৈয়াৰ হোৱা ।
- মুখ আৰু আলুৰ পৰা ৰক্তশ্ৰাৱ হোৱা । দাঁত সৰাৰ পাচত সহজতে তেজ বন্ধ নোহোৱা ।
- চুন্নতৰ পাচত ৰক্তশ্ৰাৱ । (পুৰুষৰ পুৰুষাংগৰ বন্ধ হৈ থকা আৱৰণ বা লিংগ-ত্বক ছেদনৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ কৰাৰ সময়ত ) ।
- টিকাকৰণৰ পাচত ৰক্তপাত ।
- জটিল প্ৰসৱৰ পাচত শিশুৰ মূৰত ৰক্তপাত হোৱা ।
- প্ৰস্বাৱত ৰক্তপাত ।
- সঘনাই নাকৰ পৰা ৰক্তপাত ।
আক্ৰান্তৰ পৰিমাণ-
হিম'ফিলিয়াত ৫০০০ টা জন্ম লাভ কৰা পুৰুষ সন্তানৰ ভিতৰত ১ জনৰ দেহত দেখা পোৱা যাব পাৰে । আমেৰিকাত বৰ্তমান ২০ হাজাৰ পুৰুষ এই ৰোগত আক্ৰান্ত ।
নেশ্যনেল হিম'ফিলিয়া ফাউণ্ডেশ্যনৰ কেইটা মান পৰামৰ্শ-
- হিম'ফিলিয়া চিকিৎসা কেন্দ্ৰত বাৰ্ষিক বিস্তৃত চেক আপৰ সুবিধা
- হেপেটাইটিছ A আৰু B ৰ টিকাকৰণ
- ব্যায়াম আৰু ওজনৰ ওপৰত গুৰুত্ব প্ৰদান
- ব্লাড বৰ্ণ সংক্ৰমণৰ বাবে নিয়মিত পৰীক্ষণ
ভাৰতত হিম'ফিলিয়াৰ সংখ্যা-
বিশেষজ্ঞৰ মতে ভাৰতত প্ৰায় ৮০ শতাংশ লোকৰ দুৰ্গম অঞ্চলত সঠিক ডায়গনেষ্টিক সুবিধা নথকাৰ বাবে ৰক্তচাপজনিত ৰোগৰ ডায়গনেষ্ট কৰা নহয় । ভাৰতত প্ৰায় ২ লাখ ৰক্তক্ষৰণ জনিত ব্যাধিজনিত ৰোগী থকা দ্বিতীয় সৰ্বোচ্চ দেশ । কেৱল ২০ হাজাৰা ৰোগীহে হিম'ফিলিয়া ফেডাৰেশ্যনত পঞ্জীয়নকৃত হৈছে । সেয়েহে এই দিৱসৰ অধিক গুৰুত্ব আছে সাম্প্ৰতিক সময়ত ।