ETV Bharat / international

প্ৰতিষেধক অভিযানকলৈ WHO ৰ সাৱধানবাণী

author img

By

Published : May 23, 2020, 7:23 PM IST

প্ৰতিষেধক অভিযানকলৈ UNICEF আৰু WHO ৰ সাৱধানবাণী ৷ প্ৰায় 80 মিলিয়ন শিশুৰ জীৱনলৈ ভাবুকি অহাৰ আশংকা প্ৰকাশ ৷

তেড্ৰছ আধানোম ঘেব্ৰেয়েছাছ
প্ৰতিষেধক অভিযানকলৈ WHO ৰ সাৱধানবাণী

ইন্টাৰনেশ্যনেল ডেস্ক, 23 মে': শুকুৰবাৰে UNICEF আৰু বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সাৱধানবাণী প্ৰেৰণ কৰে যে, কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত ইবোলা, মেনিনজাইটিছ, বসন্ত আৰু পলিঅ'ৰ প্ৰতিষেধক প্ৰদানত বাধা আহি পৰিব ৷ সেয়ে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে UNICEF আৰু WHO য়ে ৷

WHO ৰ মহানিৰ্দেশক তেড্ৰছ আধানোম ঘেব্ৰেয়েছাছে কয় যে, 68 খন দেশত এবছৰৰ তলৰ শিশুৰ প্ৰতিষেধক অভিযান কৰ'ণা ভাইৰাছৰ বাবে বাধাগ্ৰস্ত হোৱাৰ ফলত 80 মিলিয়ন শিশুৰ জীৱনলৈ ভাবুকি সৃষ্টি হ'ব পাৰে ৷

UNICEF ৰ কাৰ্যবাহী সঞ্চালক হেনৰিয়েট্টাই কয়, "এটা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত থাকি আমি অন্য ৰোগসমূহক উপেক্ষা কৰি দীৰ্ঘম্ৰাদী বিপদ চপাই ল'ব নোৱাৰো ৷"

COVID-19 ৰ সময়তো সুৰক্ষিতভাৱে প্ৰতিষেধক প্ৰদান কৰা সন্দৰ্ভত WHO য়ে দেশসমূহক উপদেশ প্ৰদান কৰিব বুলিও জানিবলৈ দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.