ETV Bharat / international

ভিয়েটনামৰ দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত প্ৰচণ্ড ঘূৰ্ণী বতাহ

প্ৰলয়ংকাৰী বানৰ পিছত এইবাৰ ভিয়েটনামত প্ৰচণ্ড ঘূৰ্ণী বতাহ। উপকূলীয় অঞ্চলৰ পৰা ১.৩ মিলিয়ন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰী গুয়েন জুৱান ফুকে।

author img

By

Published : Oct 27, 2020, 4:16 PM IST

ভিয়েটনামৰ দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত প্ৰচণ্ড ঘূৰ্ণী বতাহ
ভিয়েটনামৰ দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত প্ৰচণ্ড ঘূৰ্ণী বতাহ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: প্ৰচণ্ড ঘূৰ্ণী বতাহে কঁপাইছে ভিয়েটনাম। বানে দেশখনৰ বহু অঞ্চল বিধ্বস্ত কৰাৰ পিছত এইবাৰে ঘূৰ্ণী বতাহে কালৰূপ ধাৰণ কৰিছে। ভিয়েটনামৰ বাতৰি সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে পুৱা প্ৰতি ঘণ্টাত ১৩৫ কিলোমিটাৰ বেগত দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত ঘূৰ্ণী বতাহ বলে। ভিয়েটনামৰ ফালে এই বিধ্বংসী বতাহে গতি কৰাৰ পূৰ্বে ফিলিপাইনছত ৩ জন লোকৰ মৃত্যু হয়।

আনহাতে, ১৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু ১২০,০০০ৰো অধিক গঞাক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। জৰুৰীকালীন সেৱাৰ বিষয়াৰে সৈতে হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰী গুয়েন জুৱান ফুকেকয় যে, 'ৰাইজক ৰক্ষা কৰাৰ বাবে আমি সষ্টম হৈ থকা উচিত। বিপদত পৰা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাতো মহত্বপূৰ্ণ কাম। ঘূৰ্ণী বতাহে প্ৰভাৱিত কৰিব পৰা অঞ্চলৰ ৰাইজক অন্তৰ্দেশীয় ক্ষেত্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।'

ঘূৰ্ণী বতাহৰ গতি ভিয়েটনামৰ দিশে অহাতো নিশ্চিত হোৱাৰ পিছত ১.৩ মিলিয়ন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। চলিত মাহত ভিয়েটনামক তচনচ কৰিবলৈ ম'লেব নামৰ এই ঘূৰ্ণী বতাহ মৃত্যুদূত হিচাপে পৰিণত হোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০১৭ চনত এই ঘূৰ্ণী বতাহে দেশখনৰ মধ্য ক্ষেত্ৰত বহু ক্ষয়-ক্ষতি কৰিছিল আৰু ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় অঞ্চল কুৱাং বিন্হ, কুৱাং ত্ৰি আৰু হিউত প্ৰলয়ংকাৰী বানত ১৩৬ জন লোকৰ মৃত্যু হয়। বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। ধাৰাবাহিক বৃষ্টিপাত এতিয়াও অব্যাহত আছে ভিয়েটনামৰ বান বিধ্বস্ত অঞ্চলসমূহত।

লগতে পঢ়ক:ন্যায়ালয়ত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ দৰে ব্যৱস্থাৰ আহ্বান উচ্চতম ন্য়ায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.