ETV Bharat / international

অস্ত্ৰোপ্ৰচাৰৰ পাচত কিম জং উনৰ অৱস্থা সংকটজনকঃ আমেৰিকা - কিম জং উনৰ অৱস্থা সংকটজনক

দক্ষিণ কোৰিয়াৰ এক ইন্টাৰনেট সংবাদ আউটলেটৰ পৰা অহা তথ্যৰ পাচত খবৰ আহিছে যে,কিম জং উন চিকিৎসাধীন হৈ আছে । কিম জঙে 15 এপ্ৰিলত মৃত ককাকৰ 108 সংখ্যক জন্মদিন পালন নকৰাৰ পাচত তেওঁক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছিল ।

অস্ত্ৰোপ্ৰচাৰৰ পাচত কিম জং উনৰ অৱস্থা সংকটজনকঃ আমেৰিকা

author img

By

Published : Apr 22, 2020, 5:36 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিলঃ মঙলবাৰে এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে,আমেৰিকাৰ চোৰাংচোৱাৰ মতে অস্ত্ৰোপ্ৰচাৰৰ পাচত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ অৱস্থা সংকটজনক হৈছে ।

এই বিষয়ত ৰাষ্ট্ৰপতিৰ ব্লু হাউচে কয় যে,কিম জংৰ স্বাস্থ্যৰ কথা বৰ্তমানেও স্পষ্টকৈ ক'ব নোৱাৰি । CNN মাধ্যমে আমিৰেকাৰ বিষয়া এজনৰ নাম নোলোৱাকৈ তেওঁৰ উদ্ধৃতি দি কয় যে,এক জটিল অস্ত্ৰোপ্ৰচাৰৰ পাচত কিম জংৰ অৱস্থা "গভীৰ সংকটজনক"। তাৰ পিচতেই একেটা নেটৱৰ্কতেই আন এগৰাকী আমেৰিকান বিষয়াই কয় যে,কিমৰ স্বাস্থ্যৰ বিষয়টো বিশ্বাসযোগ্য,কিন্তু এতিয়াই সেই সম্পৰ্কে ধাৰণা কৰাটো কঠিন ।

ইফালে,দক্ষিণ কোৰিয়াৰ চৰকাৰে কয় যে,মঙলবাৰে কিম জঙৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰৰ পাচতে প্ৰকাশ পোৱা প্ৰতিবেদনৰ পাচত উত্তৰ কোৰিয়াত কোনো ধৰণৰ অস্বাভাৱিক কাৰ্যকলাপ দেখিবলৈ পোৱা নাই ।

উত্তৰ কোৰিয়াৰ এক ৰাজকীয় অনুষ্ঠানত কিমৰ অনুপস্থিতিৰ বাবে ধাৰণা কৰা হৈছে বুলি কয় । 15 এপ্ৰিলত মৃত ককাকৰ 108 সংখ্যক জন্মদিন পালন অনুষ্ঠানটোত উপস্থিত নাছিল । কিমক অন্তিমবাৰৰ বাবে 11 এপ্ৰিলত দেখা পোৱা গৈছিল ।

লগতে পঢ়কঃ শান্তি চুক্তি উলংঘা আমেৰিকাৰ: তালিবানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.