ETV Bharat / international

কেৱল সামৰিক বিজয়েৰে তালিবানৰ বাবে মসৃণ নহ’ব আফগানিস্তান শাসনৰ পথ

বৰ্তমান মৌলবাদী সংগঠন তালিবানৰ প্ৰতিটো পদক্ষপকে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে ৷ তলিবানে নিজৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰাৰ কথা যদিও কৈ আছে কিন্তু আস্বস্ত হোৱা নাই দেশখনৰ জনগন ৷ তলিবানে সামৰিকভাৱেহে জয়লাভ কৰিছে ৷ কিন্তু এতিয়া শাসন কৰিব লগিব ৷ এইটো সহজ নহয় ৷

Taliban won militarily but now have to govern It is not easy
কেৱল সামৰিক বিজয়েৰে তালিবানৰ বাবে মসৃণ নহ’ব আফগানিস্তান শাসনৰ পথ
author img

By

Published : Aug 18, 2021, 9:13 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট : তালিবানৰ আফগানিস্তানৰ গাদী দখলৰ পিছতে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপ সমগ্ৰ বিশ্বই সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে ৷ তালিবানী নেতাসকলেও তেওঁলোকৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰা বুলি বাৰে বাৰে কৈ আছে ৷ তালিবানে তেওঁলোকৰ বিৰোধীতা কৰা সকলৰ ওপৰতো কোনোধৰণৰ প্ৰতিশোধ নলয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

কিন্তু সংগঠনটোৰ এইসমূহ কাৰ্যই যেন মচিব পৰা নাই তেওঁলোকৰ ক’লা অধ্যায়ক ৷ প্ৰতিশ্ৰুতিবোৰে আস্বস্ত কৰিব পৰা নাই সাধাৰণ জনতাক ৷ তালিবানৰ পুনৰুত্থানে যিদৰে শংকিত কৰিছে দেশখনৰ নাগৰিকসকলক, বিশেষকৈ মহিলাসকলক ; সিমানেই শংকিত হৈ পৰিছে আফগানিস্তানৰ এটা বিশেষ সম্প্ৰদায়ৰ লোক ৷ এই সম্প্ৰদায়টো হ’ল হাজাৰা সম্প্ৰদায় ৷

ইতিমধ্যে এই সম্প্ৰদায়টোৰ এগৰাকী নেতাৰ প্ৰতিমূৰ্তি তালিবানী যোদ্ধাই ধ্বংস কৰাৰ ছবি সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ এই প্ৰতিমূৰ্তিটো আছিল হাজাৰা সম্প্ৰদায়ৰ নেতা আব্দুল আলী মাজাৰীৰ ৷

মাজাৰী আছিল আফগানিস্তানৰ থলুৱা সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী নেতা ৷ তেওঁক চুন্নী তালিবানৰ পূৰ্বৰ শাসনকালত 1996 চনত হত্যা কৰা হৈছিল ৷ এই প্ৰতিমূৰ্তিটো আছিল চেন্ট্ৰেল বাময়ান প্ৰদেশত, য’ত 2001 চনত তালিবানে প্ৰায় 1,500 বছৰ পুৰণি পাহাৰত খোদিত দুটা বুদ্ধৰ মূৰ্তিক বোমা দি উৰুৱাই দিছিল ৷ তালিবানে দাবী কৰিছিল যে, বৌদ্ধসকলে মূৰ্তিপূজাৰ ওপৰত থকা ইছলামৰ নিষেধাজ্ঞা উলংঘা কৰিছে ৷

লগতে পঢ়ক : তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী

বুধবাৰে সংগঠনটোৰ যোদ্ধাসকলে হাতত মাৰনাস্ত্ৰ লৈ কাবুলৰ চুবুৰীয়া অঞ্চলত টহল দিয়া দেখিবলৈ পোৱা যায় ৷ এই অঞ্চলটোত বহুটো দূতাবাসৰ লগতে আফগানিস্তানৰ অভিজাত লোকসকলৰ ঘৰ আছে ৷ তালিবানে যদিও আইন-শৃংখলা মানি চলিব বুলি প্ৰতিশ্ৰুতি দিছে ; কিন্তু বহু আফগান লোকে এই কথাত বিশ্বাস কৰিব পৰা নাই ৷

তালিবানৰ আন এক প্ৰতিশ্ৰুতিও সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে ৷ সেয়া হ’ল, ‘আফগানিস্তানক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰাৰ ভূমিত পৰিণত হ’বলৈ নিদিয়া ৷’ 2020 চনত ট্ৰাম্প প্ৰশাসনৰ সৈতে তালিবানৰ হোৱা শান্তি চুক্তিত এই চৰ্ত সন্নিবিষ্ট কৰা হৈছিল ৷ উল্লেখ্য যে, এই শান্তি চুক্তিয়েই আফগানিস্তানৰ ভূমিৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ বাট মুকলি কৰিছিল ৷ মাৰ্কিন সেনাৰ অন্তিমটো দল আগষ্ট মাহৰ শেষত উভতাৰ কথা আছিল ৷

যেতিয়া তালিবান পূৰ্বতে শাসনত আছিল তেতিয়া তালিবানে অল-কায়দাৰ নেতা ওছামা বিন লাডেনক আশ্ৰয় প্ৰদান কৰিছিল ৷ তালিবানৰ আশ্ৰয়ত থাকিয়েই লাডেনে 9/11ৰ আক্ৰমণৰ পৰিকল্পনা ৰচিছিল ৷ গতিকে আফগানিস্তানত পুনৰ তালিবানৰ উত্থানে অল-কায়দাৰ দৰে শক্তিসমূহৰ পুনৰ আশ্ৰয়স্থল হ’ব বুলি মাৰ্কিন বিষয়াসকল চিন্তিত হৈ পৰিছে ৷

এক অন্তৱৰ্তীকালীন ইছলামিক চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে তালিবানে ৷ এই সন্দৰ্ভত তালিবানৰ অধীনত আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই আৰু এগৰাকী জ্যেষ্ঠ বিষয়া আব্দুল্লা আব্দুল্লা আলোচনাতো মিলিত হৈছে ৷

লগতে পঢ়ক : আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

কাৰজাইৰ এগৰাকী মুখপাত্ৰ মহম্মদ ইউচোফ সাহাই কৈছে যে, তালিবানী বিষয়ববীয়াৰে প্ৰাৰম্ভিক বৈঠকৰ ফলত সংগঠনটোৰ শীৰ্ষ ৰাজনৈতিক নেতা মোল্লাঃ আব্দুল ঘানী বাৰাদাৰৰ সৈতে বুজাবুজিৰে শেষত আলোচনা সহজ হ’ব ৷ ইতিমধ্যে তালিবানৰ এগৰাকী শক্তিশালী নেতা আনাছ হাক্কানীৰে কাৰজাই আৰু আব্দুল্লাৰ বৈঠকৰ চিত্ৰ পোহৰলৈ আহিছে ৷

এইসমূহ ৰাজনৈতিক পৰিকল্পনাৰ মাজতে হাজাৰ হাজাৰ আফগান লোকে দেশ এৰিবলৈ হেতা ওপৰা কৰিছে ৷ ভাৰতে আফগানসকলৰ বাবে ই-ভিছা মুকলি কৰিছে ৷ বৃটিছ চৰকাৰে চলিত বছৰত 5,000 আফগান শৰনাৰ্থীৰ লগতে মুঠ 20,000 শৰনাৰ্থীক আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছে ৷

আনহাতে, আফগানিস্তান চেন্ট্ৰেল বেংকৰ প্ৰধানে জনোৱা অনুসৰি দেশখনত প্ৰত্যক্ষ মাৰ্কিন ডলাৰৰ যোগান ‘শূণ্যৰ সমান’ ৷ আফগানিস্তানৰ হাতত প্ৰায় 9 বিলিয়ন ডলাৰ সংৰক্ষিত হৈ আছে কিন্তু ইয়াৰ অধিক শতাংশই দেশৰ বাহিৰত আছে ৷ মুঠ ধনৰাশিৰ প্ৰায় 7 বিলিয়ন ডলাৰ আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বণ্ড, সম্পত্তি আৰু সোণ আকাৰে ৰখা হৈছে ৷

"তালিবানৰ উত্থানৰ মাজত দেশখনে পৰিকল্পিত ধনৰাশিৰ সালসলনি কৰিব পৰা নাই ৷ পৰৱৰ্তী চলান আহি পোৱা নাছিল ৷ এনে লাগিছে যেন আমাৰ অংশীদাৰসকলে পৰৱৰ্তী সময়ত কি হ’ব সেয়া ভালদৰে জানিছিল ৷" এইদৰে কয় আফগানিস্তান চেন্ট্ৰেল বেংকৰ প্ৰধানে আজমল আহামদীয়ে ৷

তেওঁ লগতে কয় যে, আমেৰিকান ডলাৰৰ অভাৱত স্থানীয় মুদ্ৰা আফগানিৰ অৱমূল্যায়ন হ'ব পাৰে, যাৰ ফলত দেশৰ দৰিদ্ৰ লোকসকল ক্ষতিগ্ৰস্ত হ'ব । আফগানসকলে কেইবাদিনো ধৰি ATMৰ বাহিৰত শাৰী পাতি আছে ৷ বহুতে তেওঁলোকৰ জীৱনৰ সঞ্চয় উলিয়াই আনিছে । নিষেধাজ্ঞাৰ বাবে তালিবানে দেশৰ ভাণ্ডাৰত প্ৰৱেশ কৰিবলৈ সংগ্ৰাম কৰিব ।

"তালিবানসকলে সামৰিকভাৱে জয়লাভ কৰিছে, কিন্তু এতিয়া শাসন কৰিব লাগিব । এইটো সহজ নহয় ।" আহমেদীয়ে কয় ৷

লগতে পঢ়ক : এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.