ETV Bharat / international

তালিবানক কাৰ্য-কলাপৰ ওপৰত বিচাৰ কৰা হ'ব : আমেৰিকা যুক্তৰাষ্ট্ৰ - কাটাৰৰ ৰাজধানী দোহা

তালিবানক ইয়াৰ কথাতকৈ কাৰ্যকলাপৰ ওপৰত বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৷ Doha ত কাবুলৰ জ্যেষ্ঠ তালিবান প্ৰতিনিধিসকলৰ সৈতে আলোচনাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে তালিবানৰ কাৰ্যকলাপৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

US interagency delegation met senior Taliban representatives from Kabul
কাবুলৰ জ্যেষ্ঠ তালিবান প্ৰতিনিধিসকলক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ
author img

By

Published : Oct 11, 2021, 1:46 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , 11 অক্টোবৰ : কাবুলৰ জ্যেষ্ঠ তালিবান প্ৰতিনিধিসকলক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ(US interagency delegation) ৷ তালিবান প্ৰতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে তালিবানক ইয়াৰ কথাতকৈ কাৰ্যকলাপৰ ওপৰত বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ State Department ৰ মুখপাত্ৰ Ned Price য়ে এই কথা জানিবলৈ দিয়ে ৷

তালিবানৰ জ্যেষ্ঠ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে 9 আৰু 10 অক্টোবৰত প্ৰতিনিধি দলটোৱে Doha ভ্ৰমণ কৰে ৷ আলোচনাৰ সময়ত দুয়োপক্ষই নিৰাপত্তা, মানৱ অধিকাৰ, সন্ত্ৰাসবাদ আদি বিষয়ৰ লগতে আফগান সমাজত ছোৱালী তথা মহিলাৰ অৰ্থপূৰ্ণ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে ৷

দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী মানৱীয় সহায়ৰ ব্যৱস্থা(United States’ provision of robust humanitarian assistanc)ৰ বিষয়েও আলোচনা কৰে ৷ এক বিবৃতিযোগে কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিদলৰ সৈতে আলোচনা যথেষ্ট স্পষ্ট আৰু পেছাদাৰী আছিল ৷

উল্লেখ্য যে, তেওঁলোকৰ সম্পৰ্কক এক নতুন আৰম্ভণি প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি তালিবান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলে কাটাৰৰ ৰাজধানী দোহাত(Qatar's capital Doha) তেওঁলোকৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিছে ৷ আগষ্টৰ মাজভাগত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ পিছত দুয়োপক্ষৰ মাজত এয়ে প্ৰথম ব্যক্তিগত বৈঠক ৷

প্ৰাপ্ত তথ্য অনুসৰি, আফগান চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলে তেওঁলোকৰ সম্পৰ্কৰ লগতে আফগানিস্তানলৈ মানৱীয় সহায় আগবঢ়োৱা আৰু দোহা শান্তি চুক্তি ৰূপায়ণৰ আদি বিষয়ত আলোচনা কৰিছিল ৷

মন কৰিবলগীয়া যে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা চীন আৰু পাকিস্তানৰ দৰে মুষ্টিমেয় কেইখনমানহে ৰাষ্ট্ৰ আছে যিয়ে সংগঠনটোৰ সৈতে সম্পৰ্ক স্থাপন কৰাত আগ্ৰহ দেখুৱাইছে ৷ আন্তৰ্জাতিক সম্প্ৰদায়ৰ আন সদস্যসকলে এই পৰ্যন্ত wait and watch policy গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : আফগানিস্তানলৈ বিত্তীয় সাহাৰ্য মুকলি কৰিবলৈ আমেৰিকাক আহ্বান তালিবানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.