ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : তালিবানী শীৰ্ষ নেতৃত্বৰ মাজত আৰম্ভ হৈছে বিভাজন । শেহতীয়াকৈ ইছলামিক এমিৰেটৰ (Islamic Emirate) উপ-প্ৰধানমন্ত্ৰী মোল্লা আব্দুল গনি বাৰাদাৰ (Mullah Abdul Ghani Baradar) জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰি যোৱাটো ইয়াকে প্ৰমাণ কৰে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি অনুসৰি তালিবানৰ নেতৃত্বৰ মাজত ইতিমধ্যে বিভাজন আৰম্ভ হৈছে ।
সূত্ৰৰ মতে এই বিভাজন বাস্তৱিক আৰু এই বিভাজন যদি বৃদ্ধি পায় তেনেহ'লে সাধাৰণ নাগৰিকৰ বাবে চিন্তাৰ কাৰণ হ'ব । জনসাধাৰণৰ দৃষ্টিৰ পৰা বাৰাদাৰ নাইকিয়া হৈ যোৱাটো বিভাজন সৃষ্টি হোৱাৰ প্ৰমাণ হিচাপে দেখা দিছে । আনকি বহুতে সন্দেহ কৰিছিল যে বাৰাদাৰক হত্যা কৰা হৈছে ।
অৱশ্যে পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ'ত তেওঁ পুনৰ উভতি আহি বিশেষ ভ্ৰমণৰ বাবে তেওঁ ইমান দিনে জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰি আছিল বুলি কোৱা দেখা গৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাৰাদাৰে কৈছে যে তালিবানসকল এটা পৰিয়ালৰ দৰে । ইফালে বাৰাদাৰৰ মৃত্যু বা আঘাতৰ বিষয়ে সন্দেহ হ্ৰাস কৰাৰ উদ্দেশ্যে সোমবাৰে ৰাষ্ট্ৰসংঘৰ বিষয়াসকলৰ সৈতে বাৰাদাৰে এখন বৈঠকত অংশ গ্ৰহণ কৰাৰ সময়ত তোলা এখন ফটো প্ৰকাশ কৰা হৈছিল । অৱশ্যে, তালিবানক সম্পৰ্কে বহু বছৰ ধৰি লিখি অহা এজন লেখকে কোৱা মতে এই বিভাজন ৰাজনৈতিক-সামৰিক বিভাজনৰ ফল ।
সংবাদমাধ্যমৰ বাতৰি অনুসৰি কট্টৰপন্থীসকলে অনুভৱ কৰে যে তেওঁলোকে ২০ বছৰীয়া যুঁজৰ বাবে ঋণী । তালিবানৰ (Taliban) শীৰ্ষ বিষয়াসকলৰ সৈতে দশকজোৰা সম্পৰ্ক থকা এক ৰাজনৈতিক সূত্ৰই কয় যে এই বিভেদৰ প্ৰভাৱ ক্ষমতাৰ হলৰ পৰা ৰাজপথলৈ বিস্তৃত । য'ত তালিবানী যোদ্ধাসকলে মুখ্য চহৰসমূহ দখল কৰি গৈ আছে আৰু প্ৰাক্তন বিষয়া আৰু তেওঁলোকৰ পৰিয়ালক বলপূৰ্বকভাৱে লৈ গৈ আছে ।
সূত্ৰৰ মতে এই মূহুৰ্তত তেওঁলোক মানুহৰ গাড়ী আৰু ঘৰবোৰৰ চিন্তাত আছে । প্ৰাক্তন বিষয়াসকলৰ পৰিয়ালে সংবাদমাধ্যমক কোৱা মতে যে, তালিবানী সৈন্যসকলে তেওঁলোকৰ সামগ্ৰী জব্দ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ ভিতৰত আছে তেওঁলোকে ভাড়াত লোৱা ঘৰ আৰু তেওঁলোকৰ ব্যক্তিগত গাড়ী ।
লক্ষণীয়ভাৱে তালিবানে দেশখন দখল কৰাৰ দুদিন পাছতে তথ্য আৰু সাংস্কৃতিক বিভাগৰ উপমন্ত্ৰী জাবিহুল্লাহ মুজাহিদে সকলোকে সাধাৰণ নাগৰিক বা সামৰিক লোকৰ ঘৰত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিছিল । আনকি ১৭ আগষ্টত এক সংবাদ মেলত মুজাহিদে কৈছিল যে তেওঁলোকৰ আৰু পূৰ্বৰ চৰকাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে । অৱশ্যে, পৰিস্থিতিটোৰ সৈতে পৰিচিত লোকসকলৰ বাবে বৰ্তমানৰ তালিবান নেতৃত্বই প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ চৰকাৰৰ দৰে দলসমূহৰ সৈতে একে সমস্যাৰ সন্মুখীন হৈছে ।
সূত্ৰৰ মতে বাকী আফগান চৰকাৰৰ দৰে তালিবানসকলৰ মাজৰ বিভাজন ব্যক্তিত্বকেন্দ্ৰিক । কিন্তু পূৰ্বৰ প্ৰশাসনৰ দৰে তালিবান অত্যাধিক উচ্চাকাংক্ষী সদস্য বা বিৰোধী ৰাজনৈতিক দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱান্বিত নহয় ইয়াৰ বিভাজনত বহুত বেছি মৌলিকতা আছে ।
লগতে পঢ়ক :G4 আৰু G20 বৈঠকত ভাগ ল'ব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে