ETV Bharat / international

আফগানিস্তানত তালিবানী বিদ্ৰোহীৰ ভয়াৱহ আক্ৰমণ: ২৭জন নিহত

author img

By

Published : Jul 13, 2020, 5:14 PM IST

আফগানিস্তানৰ কুণ্ডুজ আৰু বদখচানত তালিবানী বিদ্ৰোহীৰ ভয়াৱহ আক্ৰমণ । এই আক্ৰমণত ১২জনকৈ আৰক্ষী আৰু ৪জন সাধাৰণ নাগৰিকৰ লগতে ১১জন তালিবানী বিদ্ৰোহী মৃত্যু হোৱাৰ তথ্য সদৰি কৰিলে আফগানিস্তান প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই।

Taliban attacks kill 16 in Afghanistan
আফগানিস্তানত তালিবানী বিদ্ৰোহীৰ ভয়াবহ আক্ৰমণ: ২৭জন নিহত

নিউজ ডেস্ক, ১৩ জুলাই: ৰাষ্ট্ৰখনৰ প্ৰান্তীয় কাউঞ্চিলৰ এগৰাকী সদস্য তথা প্ৰবক্তা ইউচুফ আয়ুবীয়ে সদৰি কৰা মতে,তালিবানী বিদ্ৰোহীয়ে দেওবাৰে নিশা কৰা এই ভয়াৱহ আক্ৰমণত ৫ জন আৰক্ষীৰ লোক আৰু ৪ জন সাধাৰণ নাগৰিকৰ ঘটনাস্থলীতে মৃত্যু ঘটিছে । প্ৰায় ১২ জনীয়া তালিবানী বিদ্ৰোহীৰ এই দলটোৱে আৰক্ষী থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা কৰিছিল। স্থানীয় প্ৰশাসনৰ এটা সূত্ৰৰ পৰা পোৱা তথ্য মতে,সোমবাৰে পুৱালৈকে চলা এই সংঘৰ্ষত ৬ জন তালিবানী বিদ্ৰোহী নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত বাকী বিদ্ৰোহী সমূহে সেইস্থান ত্যাগ কৰি পলায়ন কৰিবলৈ সক্ষম হয় ।

ৰাষ্ট্ৰখনৰ প্ৰান্তীয় কাউঞ্চিলৰ প্ৰৱক্তা গৰাকীৰ উদ্ধৃতিত প্ৰকাশ পোৱা আন এক তথ্য মতে, চুবুৰীয়া আন এক প্ৰান্ত বদখচানতো এখন তালাচী চকীত তালিবানী বিদ্ৰোহীয়ে চলালে আন এক ভয়াৱহ আক্ৰমণ । তালাচী চকীখনৰ আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ সংঘৰ্ষত ৭জনকৈ আৰক্ষীৰ লোক আৰু ৫জন তালিবানী বিদ্ৰোহীৰ মৃত্যু ঘটাৰ লগতে ২জন আৰক্ষী আহত হৈছে ।

প্ৰৱক্তাগৰাকীয়ে উল্লেখ কৰিছে যে,পাৰ্বত্য জিলাখনৰ অতিকে গুৰুত্বপূৰ্ণ এই তালাচী চকীত আক্ৰমণৰ সময়ত আক্ৰমণকাৰী তালিবানী বিদ্ৰোহীৰ সদস্যৰ দলটোত আছিল বহুকেইজন বিদেশীও । উল্লেখ্য যে,এই দুই প্ৰান্তত বহু বছৰ ধৰি তালিবানী আৰু সুৰক্ষা বাহিনীৰ মাজত প্ৰায়েই এনে ধৰণৰ সংঘৰ্ষ হৈ আহিছে ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তালিবান আৰু আমেৰিকাৰ মাজত শান্তিপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ পাছত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গনীৰ লগতে দেশখনৰ নেতাসকলে তালিবানক হিংসা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল । কিন্তু তালিবানী বিদ্ৰোহীয়ে এই আহ্বানক নেউচি অধিক আক্ৰমণাত্মক হোৱাহে পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ অপৰিৱৰ্তিত অৱস্থাত গোৱালপাৰাৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.