ETV Bharat / international

শ্ৰীলংকাৰ ইষ্টাৰ আক্ৰমণৰ বৰ্ষপূৰ্তি: ভুক্তভোগীসকলক স্মৰণ - 2019 চনৰ 21 এপ্ৰিলৰ দিনা তিনিটাকৈ গীৰ্জাঘৰত আত্মঘাতী বোমাৰুৰ আক্ৰমণ

শ্ৰীলংকাৰ ইষ্টাৰ আক্ৰমণৰ বৰ্ষপূৰ্তি ৷ COVID-19 ৰ বাবে বাতিল কৰা হ'ল সাৰ্বজনীন স্মৰণ সভা ৷

সাৰ্বজনীন স্মৰণ সভা বাতিল
শ্ৰীলংকাৰ ইষ্টাৰ আক্ৰমণৰ বৰ্ষপূৰ্তি
author img

By

Published : Apr 21, 2020, 5:56 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 21 এপ্ৰিল : ইছলামিক সংগঠনৰ আত্মঘাতী বোমা বিস্ফোৰণত যোৱা বছৰৰ 21 এপ্ৰিলত ইষ্টাৰৰ দিনা শ্ৰীলংকাত বহুলোকে প্ৰাণ হেৰুৱাইছিল ৷ এই আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে শ্ৰীলংকাবাসীয়ে মঙলবাৰে ভুক্তভোগীসকলক স্মৰণ কৰে ৷

শ্ৰীলংকাৰ ইষ্টাৰ আক্ৰমণৰ বৰ্ষপূৰ্তি

2019 চনৰ 21 এপ্ৰিলৰ দিনা তিনিটাকৈ গীৰ্জাঘৰত আত্মঘাতী বোমাৰুৱে আক্ৰমণ সংঘটিত কৰাৰ ফলত 260 ৰো অধিক লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰোপৰি, তিনিখন পৰ্যটক হোটেলতো আক্ৰমণ সংঘটিত কৰাত 42 জন বিদেশী নাগৰিকৰ মৃত্যু হৈছিল ৷

COVID-19 ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ প্ৰতি দৃষ্টি ৰাখি সাৰ্বজনীন স্মৰণ সভা বাতিল কৰা হয় শ্ৰীলংকাত ৷ ইয়াৰ পৰিৱৰ্তে গীৰ্জাৰ পেষ্টৰসকলক ঘন্টা বজোৱাৰ লগতে পুৱা 8.45 বজাত দুই মিনিটৰ মৌন প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইছলামিক সংগঠনৰ দ্বাৰা প্ৰেৰিত দুই মুছলিম গ্ৰুপে এই আক্ৰমণ সংঘটিত কৰা বুলি তদন্তত প্ৰকাশ পাইছিল ৷ এই আক্ৰমণৰ পূৰ্বেই চোৰাংচোৱা সংস্থাই আগজাননী প্ৰদান কৰিছিল যদিও গুৰুত্ব আৰোপ নকৰা বাবে সেই সময়ৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ৰাজাপাকছাক দেশবাসীয়ে জগৰীয়া কৰিছিল ৷

শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ অন্যতম ধৰ্মগুৰু কাৰ্ডিনেল মেলকম ৰঞ্জিতে কৈছিল, "সেইসকল বন্ধু দেশক আমি ধন্য়বাদ জনাব খুজিছো যিসকলে এই আক্ৰমণ সম্পৰ্কত পূৰ্বেই তথ্য প্ৰদান কৰিছিল,কিন্তু আমাৰ চৰকাৰে চোৰাংচোৱা সংস্থাৰ এই আগজাননীক গুৰুত্ব সহকাৰে নল'লে ৷"

তেওঁ লগতে কয়,"মৃত লোকসকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে গুৰুতৰভাৱে আহত আৰু যিসকলে নিজৰ আপোনলোকক হেৰুৱাইছে তেওঁলোকলৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰিছো ৷"

চোৰাংচোৱাৰ আগজাননীক অৱজ্ঞা কৰাৰ বাবে মুখ্য আৰক্ষী বিষয়া তথা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সচিবসকলে আইনী প্ৰক্ৰিয়াৰো সন্মুখীন হ'বলগা হৈছিল ৷ ইয়াৰোপৰি,ঘটনাৰ সৈতে জড়িত প্ৰায় 100 জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শ্ৰীলংকা আৰক্ষীয়ে এই মাহৰ প্ৰথমভাগতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য যে,সোমবাৰে শ্ৰীলংকা চৰকাৰে এক মহীয়া কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ পাচত এগৰাকী শীৰ্ষ স্বাস্থ্য় বিষয়াই মন্তব্য কৰিছিল যে, শ্ৰীলংকাত কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণাধীন হৈ পৰিছে ৷ কৰ'ণা ভাইৰাছৰ ফলত শ্ৰীলংকাত 304 জন লোক আক্ৰান্ত হোৱাৰ লগতে 7 জনৰ মৃত্যু হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.