ETV Bharat / international

দক্ষিণ কোৰিয়াত বছৰটোৰ প্ৰথম বাৰ্ড ফ্লুৰ ঘটনা

author img

By

Published : Nov 29, 2020, 1:43 PM IST

দক্ষিণ কোৰিয়াত 2020 বৰ্ষৰ প্ৰথমটো বাৰ্ড ফ্লুৰ ঘটনা ৷ দক্ষিণ কোৰিয়াৰ খাদ্য, কৃষি আৰু মীন মন্ত্ৰণালয়ে নিশ্চিত কৰিলে এই কথা ৷ এখন হাঁহৰ ফাৰ্মত ধৰা পৰিছে এই ফ্লু ৷ 48 ঘন্টাৰ ভিতৰত ৰাষ্ট্ৰখনত হাঁহ-কুকুৰা ফাৰ্মৰ উৎপাদনসমূহ সৰহবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷

দক্ষিণ কোৰিয়াত ধৰা পৰিছে বছৰটোৰ প্ৰথম বাৰ্ড ফ্লুৰ ঘটনা

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : চলিত বৰ্ষৰ প্ৰথমটো বাৰ্ড ফ্লুৰ ঘটনা সুনিশ্চিত কৰিলে দক্ষিণ কোৰিয়াই ৷ শনিবাৰে দেশখনৰ খাদ্য, কৃষি আৰু মীন মন্ত্ৰণালয়ে এই কথা জানিবলৈ দি কয় যে Jeongeup প্ৰদেশৰ এখন হাঁহৰ ফাৰ্মত এই ফ্লু ধৰা পৰিছে ৷ চলিত বৰ্ষত হাঁহ-কুকুৰা ফাৰ্মত বাৰ্ড ফ্লু ধৰা পৰা এইটোৱে প্ৰথম ঘটনা ৷ 2018 চনৰ পাছত অক্টোবৰৰ শেষৰ ফালে এছিয়ান ৰাষ্ট্ৰখনত প্ৰথমবাৰৰ বাবে বনৰীয়া পক্ষী H5N8 ফ্লুত আক্ৰান্ত হোৱাৰ ঘটনা ধৰা পৰিছিল ৷

মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা মতে এই বৰ্ষত প্ৰথমবাৰৰ বাবে বাৰ্ড ফ্লু ধৰা পৰা ফাৰ্মখনলৈ এটা জৰুৰী দল পথোৱা হৈছে ৷ উক্ত ফাৰ্মখনত 19,000 ত কৈও অধিক হাঁহ আছে আৰু সকলোখিনি হাঁহ মাৰি পেলোৱা হৈছে ৷

জানিব পৰা মতে উক্ত ফাৰ্মখনৰ তিনি কিলোমিটাৰ দূৰত্বৰ ভিতৰত 6 খন অন্য ফাৰ্ম আছে ৷ কৰ্তৃপক্ষৰ ফালৰ পৰা হাঁহ কুকুৰা ফাৰ্ম তথা পশুধনৰ ফাৰ্ম সমূহত বৰ্তমান সকলো কাৰ্যকলাপ বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ আগন্তুক 48 ঘন্টাৰ বাবে দেশৰ ভিতৰত সকলো ধৰণৰ হাঁহ কুকুৰা ফাৰ্মৰ উৎপাদন সমূহৰ সৰহবৰাহ বন্ধ ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰাৰ পৰিৱৰ্তে Jeongeup ৰ ফাৰ্ম সমূহত সাত দিনৰ বাবে সকলো প্ৰক্ৰিয়া ব্যাহত ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ফ্লু বিধ ধৰা পৰা অঞ্চলটোৰ দহ কিলোমিটাৰ দূৰত্বৰ ভিতৰত 30 দিনৰ বাবে এই নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷

ইফালে এই বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক এক গুৰুতৰ বিপদ হিচাপে সতৰ্কতা জাৰি কৰা হৈছে ৷ দক্ষিণ কোৰিয়াৰে এটা নিউজ এজেঞ্চীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আগতীয়া সতৰ্কতামূলক পদক্ষেপ হিচাপে Jeongeup হাঁহ ফাৰ্ম খনৰ তিনি কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা ফাৰ্ম সমূহৰ পৰা প্ৰায় 392,000 হাঁহ আৰু কুকুৰা মাৰি পেলোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ক'ভিড - 19 টাস্ক ফ’ৰ্চৰ বাবে তিনি নতুন সদস্যৰ ঘোষণা বাইডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.