ETV Bharat / international

পঞ্চমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হ'ব শ্বেৰ বাহাদুৰ দেউবা

author img

By

Published : Jul 13, 2021, 8:00 PM IST

নেপালৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব ৭৪ বছৰীয়া নেপাল কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা । তেওঁক ৰাষ্ট্ৰপতি বিদ্য দেৱী ভাণ্ডাৰীয়ে সংবিধানৰ ৭৬(৫) অনুচ্ছেদ অনুসৰি তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে ।

Sher Bahadur Deuba
পঞ্চমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হ'ব শ্বেৰ বাহাদুৰ দেউবা

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই : পঞ্চমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব নেপাল কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা (Sher Bahadur Deuba) । দ্য হিমালয়ান টাইমছৰ (The Himalayan Times) বাতৰি অনুসৰি তেওঁক ৰাষ্ট্ৰপতি বিদ্য দেৱী ভাণ্ডাৰীয়ে সংবিধানৰ ৭৬(৫) অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে । কে পি শৰ্মা অ’লিৰ (K P Sarma Oli) ঠাইত এইবাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব ৭৪ বছৰীয়া শ্বেৰ বাহাদুৰ । সোমবাৰে উচ্চতম ন্যায়ালয়ৰ (Supreme Court) এক নিৰ্দেশনাৰ পাছতে শ্বেৰ বাহাদুৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰে ।

জানিব পৰা মতে ইতিমধ্যে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে শ্বেৰ বাহাদুৰ দেউবাক (Sher Bahadur Deuba) তেওঁৰ নিযুক্তিৰ বিষয়ে অৱগত কৰিছে । অৱশ্যে শপত গ্ৰহণ অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । অৱশ্যে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে ।

ইয়াৰ পূৰ্বে দেউবাই ২০১৭ চনৰ জুনৰ পৰা ২০১৮ চনৰ ফেব্ৰুৱাৰী, ২০০৪ জুনৰ পৰা ২০০৫ চনৰ ফেব্ৰুৱাৰী, ২০০১ চনৰ জুলাইৰ পৰা ২০০২ চনৰ অক্টোবৰ আৰু ১৯৯৫ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৯৭ৰ মাৰ্চ লৈ মুঠ চাৰি বাৰ নেপালৰ প্ৰধানমন্ত্ৰী (Prime minister) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

সাংবিধানিক ব্যৱস্থা অনুসৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ ৩০ দিনৰ ভিতৰত দেউবাই সদনৰ পৰা আস্থা ভোট বিচাৰিব লাগিব । উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰধানমন্ত্ৰী অ’লিৰ প্ৰতিনিধি সভা ভংগ কৰাৰ ২১ মে'ৰ সিদ্ধান্ত কৰ্তন কৰাৰ লগতে দেউবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়ে । মুখ্য ন্যায়াধীশ চোলেন্দ্ৰ শুমছেৰ ৰাণাৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে প্ৰধানমন্ত্ৰী পদৰ বাবে অ’লিৰ দাবী অসাংবিধানিক ।

উল্লেখ্য যে, সদন পুনৰ গঠনৰ বাবে অ’লিয়ে ২০ ডিচেম্বৰত ইয়াক ভংগ কৰাৰ পিছত আদালতে ২৩ ফেব্ৰুৱাৰীত সদনখন পুনৰুদ্ধাৰ কৰাৰ নিৰ্দেশ দিছিল । বিচাৰপীঠে ১৮ জুলাইৰ সন্ধিয়া ৫ বজাৰ ভিতৰত সদনৰ বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশত সাংবিধানিক বিচাৰপীঠে কয় যে ৰাষ্ট্ৰপতি ভাণ্ডাৰীয়ে দেউবাৰ নতুন চৰকাৰ গঠনৰ দাবী নাকচ কৰাৰ সিদ্ধান্ত অসাংবিধানিক ।

লগতে পঢ়ক :উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.