ETV Bharat / international

ASEANৰ শীৰ্ষ সন্মিলনত এছিয়াৰ সাতজনকৈ নেতাৰ অনুপস্থিতি

বেংককত 31 অক্টোবৰৰ পৰা 4 নৱেম্বৰলৈ 35 সংখ্যক ASEAN শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈ আছে ৷ ইয়াৰে অন্তিম দিনা ইষ্ট এছিয়াৰ সন্মিলনখন অনুষ্ঠিত হয় ৷ 10 ASEANৰ সদস্য ৰাষ্ট্ৰৰ লগতে ৰাছিয়া, চীন, অষ্ট্ৰেলিয়া, ভাৰত, দক্ষিণ কোৰিয়া আদি 8 খন দেশৰো প্ৰতিনিধিয়ে এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে ৷

seven of ten asean leaders skipped skipped summit
author img

By

Published : Nov 5, 2019, 12:25 AM IST

নিউজ ডেস্ক, 4 নৱেম্বৰ: ASEAN আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ অনুষ্ঠিত শীৰ্ষ সন্মিলনত লক্ষ্যণীয়ভাৱে এছিয়াৰ দহজন নেতাৰ ভিতৰত সাতজন নেতাই অনুপস্থিত থাকে ৷ এই সন্মিলনত ৱাশ্বিংটনৰ প্ৰতিনিধি এজনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এখন বিশেষ শীৰ্ষ সন্মিলনলৈ নিমন্ত্ৰণ কৰাৰ কথা পঢ়ি শুনায় ৷ উল্লেখ্য যে, আমেৰিকাৰ শীৰ্ষ নেতৃত্বই ASEAN আৰু 2 নৱেম্বৰৰ পৰা 4 নৱেম্বৰলৈ বেংককত চলা ইষ্ট এছিয়াৰ সন্মিলনত অনুপস্থিত থাকে ৷ ইয়াৰ পাচতে আমেৰিকাৰ ফালৰ পৰা বিশেষ শীৰ্ষ সন্মিলনলৈ নিমন্ত্ৰণৰ পদক্ষেপ লোৱা হয় ৷ অনুপস্থিত আমেৰিকান শীৰ্ষ নেতৃত্বৰ ভিতৰত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি মাইক পেন্স, ৰাষ্ট্ৰৰ সম্পাদক মাইকেল পম্পেও উপস্থিত থকাৰ কথা আছিল ৷

ASEAN আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত কেৱল তিনিজন এছিয়াৰ নেতাই অংশগ্ৰহণ কৰে ৷ এওঁলোক হ'ল থাইলেণ্ড,ভিয়েটনাম আৰু লাওচৰ প্ৰধানমন্ত্ৰী ৷ ছিংগাপুৰ,মালয়েছিয়া,ইণ্ডোনেছিয়া, ব্ৰুনেই, কম্বোডিয়া, ম্যানমাৰ আৰু ফিলিপাইনছৰ বৈদেশিক মন্ত্ৰীসকলে এই সভাত প্ৰতিনিধিত্ব কৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট অ'ব্ৰেইনে ASEANৰ নেতাসকলক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশেষ সন্মিলনলৈ নিমন্ত্ৰণ জনোৱা পত্ৰখন পঢ়ি শুনোৱাৰ জৰিয়তে সন্মিলনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ইয়াৰ পাচতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক সম্পাদক উইলবাৰ ৰছে সন্মিলনখনত 19জন ৰাষ্ট্ৰদূত আৰু 8 জন বিভাগীয় সম্পাদক উপস্থিত থকাৰ কথা উল্লেখ কৰে ৷ বেংককত 31 অক্টোবৰৰ পৰা 4 নৱেম্বৰলৈ 35 সংখ্যক ASEAN শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈ আছে ৷ ইয়াৰে অন্তিম দিনা ইষ্ট এছিয়াৰ সন্মিলনখন অনুষ্ঠিত হয় ৷ 10 ASEANৰ সদস্য ৰাষ্ট্ৰৰ লগতে ৰাছিয়া,চীন,অষ্ট্ৰেলিয়া,ভাৰত,দক্ষিণ কোৰিয়া আদি 8 খন দেশৰো প্ৰতিনিধিয়ে এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে ৷

Intro:Body:

ASIAN SUMMIT

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.