ইন্টাৰনেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : চৌদি আৰৱ আৰু পাকিস্তানৰ মাজত থকা দুৰ্ৱিসহ সম্পৰ্কৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ নেতৃত্বত চৌদি আৰৱৰ উচ্চস্তৰীয় প্ৰতিনিধি সকলে জানুৱাৰী মাহত ইছলামাবাদলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আহিব ৷ ভ্ৰমণ কালত দুয়োপক্ষই মধ্য প্ৰাচ্য অঞ্চলৰ শেহতীয়া বিকাশ আৰু অন্যান্য পাৰম্পৰিক বিষয়কে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফায়জল ফাৰহান আল-চাউড আৰু শক্তি মন্ত্ৰী আব্দুল আজিজ বিন চালমনৰ সৈতে চৌদি ব্যৱসায়ী আৰু কোম্পানীৰ এটা দলো উপস্থিত থাকিব । কাৰণ চৌদি আৰৱে পাকিস্তানত তেল শোধনাগাৰ স্থাপন কৰাৰ বাবে কেতবোৰ দিশত আলোচনা কৰিব ৷
উল্লেখ্য যে, আগষ্ট মাহৰ পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অসাৱধান হৈ পৰিছিল ৷ কাশ্মীৰ বিষয়ত ইচলামাবাদৰ স্থিতিত চৌদি আৰৱৰ সমৰ্থনৰ অভাৱতে সম্পৰ্ককত ফাট মেলিছিল ৷ পুনৰ দুয়োখন দেশে আলোচনাৰ জৰিয়তে দুই দেশৰ সম্পৰ্ক পূৰ্বৰ দৰে কৰাৰ বাবে উঠিপৰি লাগিছে ৷ এটি টেলিভিছন টক শ্ব'ৰ জৰিয়তে পাকিস্তানৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী কৈছিল যে, আমাৰ ডাঙৰ ভাই সদৃশ চৌদি আৰৱে আমাক অসন্তুষ্ট কৰিছে৷ গতিকে কাশ্মীৰৰ বিষয়তো সন্দৰ্ভত সমূহ ইচলামিক দেশ আমাৰ ওচৰত ঠিয় দিয়ক ৷ মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পাচতে দুয়োখন দেশৰে সম্পৰ্কৰ মাজত ব্যৱধান আহিছিল ৷ যাৰ ফলতে চৌদি আৰৱে ২০১৮ চনৰ নৱেম্বৰ মাহত পাকিস্তানলৈ আগবঢ়োৱা এক বিলিয়ন ডলাৰ ঋণ হঠাৎ পৰিশোধ কৰিবলৈ অনুৰোধ জনাইছিল ৷
লগতে পঢ়ক: দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল