ইন্টাৰনেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ : ৰাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ skydiverক কঢ়িয়াই নিয়া এখন বিমানে উৰণ আৰম্ভ কৰাৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় ৷ চেন্ট্ৰেল ৰাছিয়াত সংঘটিত এই বিমান দুৰ্ঘটনাত 15 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায় ৷
টুইন ইঞ্জিন টাৰ্বোপ্ৰপযুক্ত The L-410 বিমানখন মস্কোৰ পূৱে অৱস্থিত মেঞ্জেলিংক চহৰৰ কাষত দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত skydivers আৰু চালককে ধৰি মুঠ 22 গৰাকী লোক আছিল ৷
বিমানৰ ভগ্নাৱশেষৰ পৰা 7 গৰাকীক লোকক জীৱিত উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : আফগানিস্তানলৈ বিত্তীয় সাহাৰ্য মুকলি কৰিবলৈ আমেৰিকাক আহ্বান তালিবানৰ