ETV Bharat / international

পাকিস্তানৰ পিটিআই চৰকাৰখন দৰিদ্ৰৰ বাবে দুঃস্বপ্নঃ জামত-এ-ইছলামীৰ অধ্যক্ষ

author img

By

Published : Dec 7, 2020, 1:16 PM IST

পাকিস্তান তেহৰকীক-এ-ইনচাফ চৰকাৰখন দ্ৰৰিদ্ৰ লোকসকলৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে বুলি মন্তব্য জামত-এ-ইছলামীৰ সিনেটৰ চিৰাজুল হকৰ ৷ দেশত চলি থকা আইন শৃংখলা জনিত পৰিস্থিতিও এই চৰকাৰখনেই উপহাৰ বুলিও মন্তব্য কৰে হকে ৷

PTI government has become nightmare for poor, says Jamaat-e-Islami chief
পাকিস্তানৰ পিটিআই চৰকাৰখন দৰিদ্ৰৰ বাবে দুঃস্বপ্নঃজামত-এ-ইছলামীৰ অধ্যক্ষ

ইন্টাৰনেশ্যনেল ডেস্ক,7 ডিচেম্বৰঃ পাকিস্তান তেহৰকীক-এ-ইনচাফ চৰকাৰখন দ্ৰৰিদ্ৰ লোকসকলৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে বুলি মন্তব্য জামত-এ-ইছলামীৰ সিনেটৰ চিৰাজুল হকৰ ৷ দেওবাৰে দুনীয়া নিউজে চিৰাজুল হকৰ এটি বিবৃতি উল্লেখ কৰি কয়, যি সকল ব্যক্তিয়ে অৰ্থনীতি সুচল হোৱা বুলি মন্তব্য কৰিছে তেওঁলোকে ময়দা আৰু ডালিৰ প্ৰকৃত মূল্য বিচাৰি চাওক ৷

তেখেতে আৰু কয়, লাখ লাখ শ্ৰমিক তথা কৰ্মচাৰীয়ে নিবনুৱা সমস্যাৰ বাবে পথত আহিবলৈ বাধ্য হৈছে ৷ ষ্টীল মিলৰ পৰা আৰম্ভ কৰি পাকিস্তান ৰে’লৱে পৰ্যন্ত পিটিআই চৰকাৰখনৰ ব্যৰ্থ শাসনৰ অংশ ৷ ইয়াৰ উপৰিও দেশত চলি থকা আইন শৃংখলা জনিত পৰিস্থিতিও এই চৰকাৰখনেই উপহাৰ ৷

ইয়াৰ উপৰিও পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱত মৃত্যু হোৱা সাতজনকৈ ক’ভিড 19 ৰোগীৰ মৃত্য সন্দৰ্ভত মন্তব্য কৰিও হকে কয়, ‘ৰোগীকেইজন পিটিআই প্ৰদেশিক চৰকাৰ খনৰ চকুৰ সন্মুখতে মৃত্যুমুখত পৰিছে ৷’

লগতে পঢ়ক-চীনৰ কয়লাখনিত সংঘটিত দুৰ্ঘটনাত নিহত 18 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.