নেচনেল ডেস্ক, 28 ডিচেম্বৰ: নেপালৰ আভ্যন্তৰীণ বিষয়ত চীনা হস্তক্ষেপৰ বিৰোধীতা কৰি দেওবাৰে কাঠমাণ্ডুত অসংখ্য নেপালী লোকে চীন বিৰোধী শ্ল'গান আৰু 'বেক অফ চীন' লিখা প্লেকাৰ্ড হাতে হাতে লৈ এক প্ৰতিবাদ সাব্যস্ত কৰে ৷
নেপালত কমিউনিষ্ট পাৰ্টীৰ বিভাজন সন্দৰ্ভত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ চীনৰ কমিউনিষ্ট পাৰ্টীৰ (চিপিচি) ৰ আন্তৰ্জাতিক বিভাগৰ উপ মন্ত্ৰী গুও ইয়াজহু ৰ নেতৃত্বত চীনৰ পৰা চাৰিজনীয়া এটা দল আহি নেপালত আহি উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত নেপালৰ লোকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি নেপালৰ কমিউনিষ্ট পাৰ্টীৰ উভয় পক্ষৰ শীৰ্ষ নেতা সকলৰ সৈতে গুও বৈঠকত মিলিত হ'ব ৷ জানিব পৰা মতে ইয়াৰ পূৰ্বে কমিউনিষ্ট পাৰ্টী অফ নেপাল (ঐক্যবদ্ধ মাৰ্ক্সবাদী-লেনিনবাদী) আৰু নেপাল কমিউনিষ্ট পাৰ্টী (মাওবাদী কেন্দ্ৰ) য়ে এক ঐক্যবদ্ধ দল গঠনৰ বাবে সাজু হোৱাৰ সময়ত 2018 চনৰ ফেব্ৰুৱাৰীত গুও কাঠমাণ্ডুলৈ আহিছিল ৷
জানিব পৰা মতে প্ৰধামমন্ত্ৰী কে পি শৰ্মা অলি ৰ আহ্বান মৰ্মে নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নিম্ন সদন ভংগ কৰাৰ পাছতে এই কাৰ্যক অসাংবিধানিক বুলি অভিযোগ উত্থাপন কৰি দেশৰ সৰ্বোচ্চ আদালতত 12 খনকৈ আবেদন দাখিল কৰা হৈছে ৷ এই 12 খন আবেদনৰ ভিতৰত এখন প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে মঙলবাৰে দাখিল কৰে ৷
সংসদ ভংগ কৰাৰ পাছতে অলিয়ে 2021 ৰ 30 এপ্ৰিল আৰু 10 মে' ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে ৷ উল্লেখ্য যে স্বাভাৱিক কাৰ্যকাল ভংগ হ'বলৈ এতিয়াও দুবছৰ বাকী থকাৰ পূৰ্বেই সংসদ ভংগৰ বাবে অলিয়ে লোৱা সিদ্ধান্তক বহু পক্ষই অসাংবিধানিক আখ্যা দি সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:মুফ্টী, আব্দুল্লাৰ বাবে ডিডিচি নিৰ্বাচন আছিল এক বিদায় অনুষ্ঠান : তৰুণ চুঘ