ইন্টাৰনেশ্যনেল, 20 ফেব্ৰুৱাৰীঃ জাপানৰ কতৃপক্ষৰ পৰা স্পষ্টীকৰণ পোৱাৰ পাছতে বুধবাৰে জাপানৰ Cruise Ship খনৰ পৰা 100 জন লোকক মুকলি কৰি দিয়া হৈছে ৷ দৰাচলতে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত আবদ্ধ কৰি ৰখা হৈছিল লোককেইজনক ৷ আটাইকেইজন লোকক নিজ গন্তব্যস্থানলৈ পঠিয়াবলৈ ট্ৰেইন ষ্টেচন আৰু বিমান বন্দৰলৈ তেওঁলোকক হালধীয়া বাছত লৈ যোৱা হৈছিল ৷ লগতে বাছৰ চালকসমূহক প্লাষ্টিকৰ চাদৰ আৰু টেপেৰে বান্ধি দিয়া হৈছিল ৷
আনহাতে "ডায়মণ্ড প্ৰিন্সেচ" জাহাজখনত পুনৰ 79 জন ৰোগী এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে কতৃপক্ষই ৷ চীনৰ পাছতে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা "ডায়মণ্ড প্ৰিন্সেচ" ত আটাইতকৈ বেছি ৷ জাহাজখনত থকা ৰোগীৰ সংখ্যা বৰ্তমান 621 জন বুলি জানিব পৰা গৈছে ৷ চীনত ইতিমধ্যে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ 2000 তকৈ বেছি লোক নিহত হৈছে ৷ বৰ্তমানলৈ এই ৰোগত 28 খন দেশ আক্ৰান্ত হোৱাৰ লগতে ইৰানত দুজন লোক নিহত হৈছে ৷
লগতে পঢ়কঃ বিনিয়োগকাৰীসকলৰ সাহায্যাৰ্থে
জাপানত কৰ'ণা ভাইৰাছত আক্ৰান্ত সন্দেহত লোকসকলক "ডায়মণ্ড প্ৰিন্সেচ"লৈ আনি পৰীক্ষা কৰে,লোকজনৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিলে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ এনেদৰে ৰোগীসকলৰ চিকিৎসা অব্যাহত ৰাখে ৷ পৰৱৰ্তী সময়ত কিছু সুস্থ হোৱাৰ পাছতে ৰোগীসকলক চিকিৎসালয়ৰ পৰা উলিয়াই আনি পৃথকে ৰখা হয় ৷ আনহাতে, ইতিমধ্যে যিসকলৰ দেহত ভাইৰাছবিধ পোৱা নাই তেওঁলোক ইতিমধ্যে জাহাজখন ত্যাগ কৰিছে ৷
কৰ'ণা ভাইৰাছৰ ফলত হংকঙত বৰ্তমান সময় পৰ্যন্ত দ্বিতীয়জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে দিয়া তথ্য অনুসৰি Covid-19 ভাইৰাছৰ স'তে যুঁজ দিব পৰাকৈ বনাই থকা ভেকছিনবিধৰ ক্ষেত্ৰত বহুখিনি অগ্ৰগতি দেখা পোৱা গৈছে ৷