ETV Bharat / international

COVID-১৯ ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব পাকিস্তানে

author img

By

Published : Mar 10, 2021, 6:44 PM IST

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এষ্ট্ৰা জেনেকাৰ COVID-১৯ প্ৰতিষেধকৰ ১৬ নিযুত খোৰাক বিনামূলীয়াকৈ লাভ কৰিব পাকিস্তানে । মাৰ্চ মাহৰ মাজভাগত প্ৰথম পৰ্যায়ৰ প্ৰতিষেধকখিনি পাকিস্তানে লাভ কৰিব আৰু বাকীখিনি জুন মাহত প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ।

ভাৰতত নিৰ্মিত COVID-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব পাকিস্তানে

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ মাৰ্চ: গ্ল'বেল এলায়েঞ্চ ফৰ ভেকচিন এণ্ড ইম্যুনিজেছন(GAVI)ৰ জৰিয়তে ভাৰতত প্ৰস্তুত হোৱা COVID-১৯ ৰ প্ৰতিষেধকৰ ১৬ নিযুত খোৰাক পাকিস্তানে বিনামূলীয়াকৈ লাভ কৰিব । দ্য একপ্ৰেছ ত্ৰিবিউনে প্ৰকাশ কৰা মতে, পাব্লিক একাউণ্ট কমিটিয়ে জনাইছে যে, প্ৰায় ৪৫ নিযুত লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব । পাব্লিক একাউণ্ট কমিটিক বৃহস্পতিবাৰে অৱগত কৰা হৈছিল যে, দেশখনৰ বেছিসংখ্যক নাগৰিকেই মহামাৰীৰ সংকটৰ পৰা ৰক্ষা পাবলৈ এতিয়া বিনামূলীয়া প্ৰতিষেধকৰ বাবে আশাৰে বাট চাই আছে ।

কিয়নো, চীনত নিৰ্মিত প্ৰতিষেধক কেনচিন'ৰ বাবে প্ৰতিগৰাকী নাগৰিকে ২ হাজাৰ পাকিস্তানী টকা অথবা ১৩ মাৰ্কিন ডলাৰ ব্যয় কৰিব লাগিব । বিষয়াসকলৰ মতে, পাকিস্তানে মাৰ্চ মাহৰ মাজভাগত ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ দ্বাৰা তৈয়াৰ কৰা এষ্ট্ৰা জেনেকাৰ প্ৰথম পৰ্যায়ৰ প্ৰতিষেধকখিনি লাভ কৰিব আৰু বাকীখিনি জুন মাহত প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । পাব্লিক একাউণ্ট কমিটিৰ অধ্যক্ষ ৰাণা তনভিৰ হুছেইনৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ বিষয়াসকলে কয় যে, পাকিস্তানে ৪৫ নিযুত লোকৰ বাবে ভাৰতত নিৰ্মিত এষ্ট্ৰা জেনেকাৰ COVID-১৯ প্ৰতিষেধকৰ ১৬ নিযুত খোৰাক বিনামূলীয়াকৈ লাভ কৰিব ।

স্বাস্থ্য মন্ত্ৰালয় আৰু এন আই এইচৰ বিষয়াসকলে পাব্লিক একাউণ্ট কমিটিক অৱগত কৰে যে, পাকিস্তানত প্ৰথমবাৰৰ বাবে কেনচিন' প্ৰতিষেধক পৰীক্ষণৰ তিনিটা পৰ্যায় ৭৫ শতাংশ কাৰ্যকৰী হৈছিল । স্বাস্থ্য বিভাগৰ সচিব ডাঃ নৌশ্বিন হামিদে কয় যে, চৰকাৰে গ্ল'বেল এলায়েঞ্চ ফৰ ভেকচিন এণ্ড ইম্যুনিজেছনৰ জৰিয়তে ৪৫ নিযুত লোকে প্ৰতিষেধক লাভ কৰাতো সুনিশ্চিত কৰিছিল । লগতে ১০ নিযুত লোকৰ বাবে অতিৰিক্ত প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেবিনেটে ১৫০ নিযুত মাৰ্কিন ডলাৰ অনুমোদন দিছিল বুলিও সচিবগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: মিজোৰামৰ ছৈৰাঙ দিনথাৰত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰ উদ্বোধন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.