নিউজ ডেস্ক, 12 এপ্ৰিল : পাকিস্তানত বিগত 1টা বছৰে কাৰাবন্দী হৈ থকা 100 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি প্ৰদান পাকিস্তানৰ ৷ এসপ্তাহ পূৰ্বে আত্ৰি-ৱাগাহ সীমান্তত ভাৰতীয় মাছমৰীয়া কেইগৰাকীক মুকলি কৰি দিয়াৰ পাচতে বৃহস্পতিবাৰে মাছমৰীয়াকেইগৰাকী উপস্থিত হয় গুজৰাটৰ বদোদৰাত ৷ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমা পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ অপৰাধতে ৰাজ্যখনৰ বেৰাবেলৰ মাছমৰীয়াকেইগৰাকীক পাকিস্তানী সেনাই আটক কৰি কাৰাবন্দী কৰি ৰাখিছিল ৷
বিগত ডেৰ বছৰে পাকিস্তানৰ কাৰাচী জেলত কাৰাবন্দী মাছমৰীয়া সকলক 8 এপ্ৰিলত মুকলি কৰি দিছিল পাকিস্তানে ৷ ইপিনে গৃহভূমিত উপস্থিত হৈ দুৰ্ভাগ্যক্ৰমে মাছ ধৰিবলৈ গৈ অজানিতে সাগৰীয় সীমা পাৰ কৰি পাকিস্তানৰ হাতত কাৰাবন্দী হ'বলগা হোৱাৰ কথা উল্লেখ একাংশ মাছমৰীয়াৰ ৷