ETV Bharat / international

COVID-19 পৰীক্ষা কৰা হ'ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ - COVID-19 পৰীক্ষা কৰা হ'ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী খানৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী খানৰ COVID-19 পৰীক্ষা কৰা হ'ব ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত ফৈজল ইধীৰ সংস্পৰ্শলৈ আহিছিল ইমৰান খান ৷

COVID-19 পৰীক্ষা
পাকিস্তানৰ প্ৰধানমন্ত্ৰী খান
author img

By

Published : Apr 21, 2020, 7:20 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 21 এপ্ৰিল : যোৱা সপ্তাহত এজন কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আছুতীয়া কক্ষত থকাৰ সম্ভাৱনা আছে ৷ সুত্ৰই জানিবলৈ দিয়া অনুসৰি,15 এপ্ৰিলত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্বয়ংসেৱক এম্বুলেন্স নেটৱৰ্ক ইধী ফাউণ্ডেছনৰ অধ্যক্ষ ফৈজল ইধীক সাক্ষাৎ কৰিছিল খানে ৷ ইমৰান খানক লগ কৰাৰ পাচতে ফৈজল কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছিল ৷

উল্লেখ্য় যে,পাকিস্তানৰ বিখ্যাত সমাজ সেৱক আব্দুল চাত্তাৰ ইধীৰ পুত্ৰ হৈছে ফৈজল ইধী ৷ মঙলবাৰে পাকিস্তানৰ বাতৰি কাকত ড'নে প্ৰদান কৰা তথ্য় অনুসৰি, Shaukat Khanum Memorial Cancer Hospitalৰ মুখ্য কাৰ্যবাহী সঞ্চালক তথা ইমৰান খানৰ চিকিৎসক ফৈজল চুলতানে কয় যে,অতি সোনকালেই খানৰ COVID-19 পৰীক্ষা কৰা হ'ব ৷

আনহাতে, ফৈজল ইধী সম্পৰ্কত তেওঁৰ পুত্ৰই জানিবলৈ দিয়ে যে,বৰ্তমান তেওঁ আছুতীয়া কক্ষত বাস কৰাৰ লগতে স্বাস্থ্য় উন্নত আছে ৷ উল্লেখ্য় যে,কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে পাকিস্তানক 1 কোটি টকাৰ অৰ্থ সাহাৰ্য আগবঢ়াইছে ফৈজল ইধীয়ে ৷ বৰ্তমানলৈকে পাকিস্তানত 197 জন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে আক্ৰান্ত হৈছে প্ৰায় 9,500 জন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.