ETV Bharat / international

দক্ষিণ-পূৱ এছিয়াত আক্ৰান্ত 500 লোক, তৃতীয় স্থানত ভাৰত : WHO - COVID-19 ত আক্ৰান্তৰ সংখ্যা 500 ৰো অধিক

দক্ষিণ-পূৱ এছিয়াত বৰ্তমানলৈকে আক্ৰান্ত 500 লোক ৷ এই ক্ষেত্ৰত ভাৰত আছে তৃতীয় স্থানত ৷

তৃতীয় স্থানত ভাৰত
দক্ষিণ-পূৱ এছিয়াত আক্ৰান্ত 500 লোক
author img

By

Published : Mar 18, 2020, 11:25 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 18 মাৰ্চ : দক্ষিণ-পূৱ এছিয়াত বুধবাৰ পৰ্যন্ত COVID-19 ত আক্ৰান্তৰ সংখ্যা 500 ৰো অধিক হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, বৰ্তমানলৈকে 9 জন লোকে মৃত্যুক সাৱটি লৈছে ৷

দক্ষিণ-এছিয়া ৰাষ্ট্ৰসমূহৰ ভিতৰত থাইলেণ্ডত বৰ্তমানলৈকে সৰ্বাধিক 177 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 1 জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে, ইণ্ডোনেছিয়াত পাঁচজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আক্ৰান্ত হৈছে 172 জন লোক ৷ দক্ষিণ-পূৱ এছিয়াত সৰ্বাধিক আক্ৰান্তৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে ইণ্ডোনেছিয়াই ৷

ইয়াৰ পাচতে তৃতীয় স্থানত আছে ভাৰত ৷ বৰ্তমানলৈকে 172 জন লোক আক্ৰান্ত হোৱাৰ লগতে 3 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ শ্ৰীলংকাত 43 জন লোক আক্ৰান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু হোৱা নাই ৷

মালদ্বীপত 13 জন আৰু বাংলাদেশত 8 জন আক্ৰান্ত ৷ আনহাতে, নেপাল আৰু ভূটানত 1 জনকৈ লোক আক্ৰান্ত হৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য কৰে, "এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইয়াতকৈ অধিক জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷"

"আমি জৰুৰীকালিনভাৱে আৰু বহু কৰিব লগা আছে", দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক সঞ্চালক পুনম খেত্ৰপাল সিঙে এনেদৰে মন্তব্য কৰে ৷

দিনে দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগতে ভাইৰাছবিধে সামূহিক সংক্ৰমণ হোৱাৰ দিশে গতি কৰিছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা পৰামৰ্শ অনুসৰি, "ভাইৰাছ বিধৰ অৱস্থিতি ধৰা পেলোৱা, পৰীক্ষণ, চিকিৎসা, পৃথক কৰা আৰু ধংস কৰি পেলোৱাটো যিমানেই গুৰুত্বপূৰ্ণ, কাঁহ আৰু হাঁচিওৱাৰ সময়ত মুখ ঢাকি ৰখা আৰু জনসমূদ্ৰৰ পৰা আঁতৰি থকা সিমানেই গুৰুত্বপূৰ্ণ ৷"

আৰু পঢ়ক : কৰ'ণা আতংক : প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত পৰিস্কাৰ বিজেপি কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.