নিউজ ডেস্ক, 2 অক্টোবৰ : নেপালৰ শাসনাধিষ্ঠ নেপাল কমিউনিষ্ট পাৰ্টীৰ মাজত দলকেন্দ্ৰিক সংঘাতে পুনৰ গা কৰি উঠিছে ৷ শেহতীয়াকৈ দেশখনৰ প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মা আৰু দলঠোৰ অধ্যক্ষ পুষ্প কমল দাহাল (প্ৰচন্দ)ৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকৰ পিচতেই দুয়োগৰাকী নেতাৰ মাজৰ সংঘাতে পুনৰ গা কৰি উঠে ৷
বিগত ছেপ্তেম্বৰ মাহত দুয়োগৰাকী নেতাৰ মাজত আভ্যন্তৰীণ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছিল ৷ কিন্তু প্ৰায় এমাহযোৰা আন্দোলনৰ অন্তত এয়া কিছু শাম কাটিছিল যদিও শেহতীয়াকৈ পুনৰ বিদ্ৰোহৰ উকমুকনি দেখিবলৈ পোৱা গৈছে ৷
দলটোৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা আৰু দলটোৰ অধ্যক্ষ পুষ্প কমল দাহাল মাজৰ সংঘাতৰ ফলতেই এতিয়াত দুভাগত বিভক্ত হোৱাৰ দিশে আগবাঢ়িছে ৷ দৰাচলতে শনিবাৰে দুয়োৰে মাজত অনুষ্ঠিত হৈছিল এখন দলীয় বৈঠক ৷ কিন্তু এই বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই দুয়োৰে পৰাই পৃথকে পৃথকে দল গঠন কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : দলৰ ভিতৰৰ পৰাই নেপালৰ প্ৰধানমন্ত্ৰীলৈ আহিছে প্ৰত্যাহ্বান