নিউজ ডেস্ক, ২ মে' : নেপালত সংঘটিত হোৱা এক বিস্ফোৰণত চাৰিগৰাকী শিশুৰ কৰুণ মৃত্যু ঘটে । কাঠমাণ্ডুৰ পৰা ৪০০ কিলোমিটাৰ দুৰত্বত অৱস্থিত ৰলপা জিলাত সংঘটিত হয় এই ঘটনা ।
ঘটনা অনুসৰি, সমনীয়াৰ সৈতে শিশুকেইটিয়ে জংঘলৰ পৰা বুটলি আনিছিল এই বিস্ফোৰক সামগ্ৰীটো । পৰৱৰ্তী সময়ত তাৰ সৈতে খেলিবলৈ লোৱাত ই বিস্ফোৰণ ঘটে আৰু ঘটনাস্থলীতে চাৰিজনকৈ শিশু মৃত্যুমুখত পৰে । নেপালৰ চৰকাৰী বিষয়া নৱৰাজ শৰ্মাই এই কথা প্ৰকাশ কৰিছে ।
বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই বিস্ফোৰক সামগ্ৰীটো নেপালৰ দীৰ্ঘদিনীয়া সাম্যবাদী বিদ্ৰোহৰ সময়ৰ আছিল । ১৯৯৬ চনৰ পৰা আৰম্ভ হোৱা এই বিদ্ৰোহ ৰাষ্ট্ৰসংঘৰ সহযোগত অৱসান ঘটিছিল । এই বিদ্ৰোহৰ সময়ত নেপালত প্ৰায় ১৭,০০০ মানুহৰ মৃত্যু ঘটিছিল । ৰলপা জিলা এই বিদ্ৰোহৰ ঘাটি আছিল ।
ইতিমধ্যে ঘটনাস্থলীত নেপালৰ শীৰ্ষ চৰকাৰী বিষয়া উপস্থিত হোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কৰ'ণা সজাগতামূলক কাৰ্টুনৰাজি