ETV Bharat / international

উত্তৰ কোৰিয়াই সম্পন্ন কৰিলে অচিনাক্ত ৰকেট পৰীক্ষণ

author img

By

Published : Jul 31, 2019, 2:55 PM IST

বিশ্ববাসীক সন্দেহত ৰাখি উত্তৰ কোৰিয়াই পুনৰ সম্পন্ন কৰিছে ৰকেট পৰীক্ষণ ৷ দক্ষিণ কোৰিয়াৰ সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি, এক সপ্তাহৰ ভিতৰতে উত্তৰ কোৰিয়াই ইয়াৰ পূৰ্বীয় উপকূলৰ পৰা দুটাকৈ হ্ৰস্ব-দীৰ্ঘৰ বেলিষ্টিক মিছাইল সাগৰলৈ প্ৰেৰণ কৰে ৷

উত্তৰ কোৰিয়াই সম্পন্ন কৰিলে অচিনাক্ত ৰকেট পৰীক্ষণ

নিউজ ডেস্ক, 31 জুলাইঃ এক সপ্তাহৰ ভিতৰতে দুটাকৈ কম-দুৰত্ব লক্ষ্যভেদী বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছে উত্তৰ কোৰিয়াই ৷ দেশখনৰ পূৰ্বীয় উপকূলৰ পৰা সাগৰলৈ প্ৰেৰণ কৰি দেশখনৰ সেনাই সমাপ্ত কৰিছে এই পৰীক্ষণ ৷ আনহাতে উত্তৰ কোৰিয়াই সম্পন্ন কৰা মিছাইল পৰীক্ষণৰ পিচতে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে দক্ষিণ কোৰিয়াই ৷ উত্তৰ কোৰিয়াৰ পাৰমানৱিক শক্তিৰ উত্থানকৈ লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাবুকি প্ৰদান কৰাৰ সময়তে পুনৰ আমেৰিকাৰ ভাবুকিক বুঢ়া আঙুলি প্ৰদৰ্শণ কৰি কি জং উনে সম্পন্ন কৰে মিছাইলৰ পৰীক্ষণ ৷

উল্লেখ্য যে, এসপ্তাহ পূৰ্বেও দেশখনে ইয়াৰ উত্তৰ-পূব উপকূলৰ পৰা 600কিলোমিটাৰ লক্ষ্যভেদী দুটাকৈ বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছিল ৷ আনহাতে মঙলবাৰে পুনৰ এইদৰে উত্তৰ উপকূলৰ পৰা আন দুটা বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে উত্তৰ কোৰিয়াই ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.