ETV Bharat / international

পাকিস্তান ষ্টক এক্সচেঞ্জ গুলিচালনাৰ অভিযোগ নসাৎ বেলুচ লিবাৰেশ্বন আৰ্মিৰ - গুলিচালনাৰ অভিযোগ নসাৎ বেলুচ লিবাৰেশ্বন আৰ্মিৰ

বিগত সোমবাৰে পাকিস্তানৰ কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জত সংঘটিত গুলিচালনাৰ ঘটনাক জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে বেলুচিস্তান লিবাৰেশ্বন আৰ্মিয়ে ৷ এই আক্ৰমণত 11 গৰাকী লোক নিহত হোৱাৰ লগতে ঘটনাত জড়িত থকা 4 গৰাকী সন্ত্ৰাসবাদীকে নিধন কৰিছিল পাকিস্তানৰ নিৰাপত্তা সংস্থাই ৷

ষ্টক এক্সচেঞ্জৰ সন্মুখত পহৰাৰত এগৰাকী সশস্ত্ৰ নিৰাপত্তাৰক্ষী

author img

By

Published : Jul 1, 2020, 3:58 PM IST

নিউজ ডেস্ক, 1 জুলাই : বিগত সোমবাৰে কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জত সংঘটিত গুলিচালনাৰ ঘটনাত কোনোপ্ৰকাৰে জড়িত নহয় বেলুচিস্তান লিবাৰেশ্বন আৰ্মি ৷ বেলুচিস্তানৰ বিদ্ৰোহী সংগঠনটোৰ এগৰাকী মুখপাত্ৰ আজাদ বালোচে জাৰী কৰা এক বিজ্ঞপ্তিত এই কথা অস্বীকাৰ কৰিছে সংগঠনটোৱে ৷

ঘটনা সম্পৰ্কত অসন্তুষ্টি প্ৰকাশ কৰি মুখপাত্ৰগৰাকীয়ে জনায় যে, যিসকলে বেলুচিস্তান লিবাৰেশ্বন আৰ্মিৰ নাম ব্যৱহাৰ কৰি আহিছে আৰু অঘটন সংঘটিত কৰি আহিছে তেওঁলোকক সংগঠনৰ পৰা বাহিৰ কৰি দিয়া হৈছে ৷ এই আক্ৰমণত জড়িত থকা লোকসকল কেতিয়াও আমাৰ সংগঠনৰ সদস্য নাছিল ৷

ষ্টক এক্সচেঞ্জৰ সন্মুখত পহৰাৰত এগৰাকী সশস্ত্ৰ নিৰাপত্তাৰক্ষী
ষ্টক এক্সচেঞ্জৰ সন্মুখত পহৰাৰত এগৰাকী সশস্ত্ৰ নিৰাপত্তাৰক্ষী

উল্লেখ্য যে, সোমবাৰে সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিচতেই ইয়াৰ দায়িত্ব স্বীকাৰ কৰিছিল বেলুচিস্তান লিবাৰেশ্বন আৰ্মিয়ে ৷ চাৰিগৰাকী সশস্ত্ৰ বিদ্ৰোহীৰ এখন ফটো প্ৰকাশ কৰি তেওঁলোকেই এই ঘটনাত জড়িত থকা বুলি জনাইছিল বিদ্ৰোহী সংগঠনটোৱে ৷ কিন্তু বুধবাৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে এই ঘটনাক নসাৎ কৰে আৰু সোমবাৰৰ পাকিস্তান ষ্টক এক্সচেঞ্জ আক্ৰমণৰ ঘটনাত তেওঁলোক জড়িত নহয় বুলি স্পষ্টভাৱে জনাইছে ৷

পাকিস্তানৰ দক্ষিণ-পশ্চিম সীমান্তৰ বালোচিস্তান হৈছে এখন অন্যতম প্ৰদেশ আৰু ইয়াক প্ৰাকৃতিক গেছৰ বাবে জনা যায় ৷ এইখন প্ৰদেশে দশকযুৰি পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি বিদ্ৰোহ কৰি আহিছে আৰু এই বিদ্ৰোহৰ নেতৃত্ব দি আহিছে বেলুচিস্তান লিবাৰেশ্বন আৰ্মিয়ে ৷ পাকিস্তানে এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিছে আৰু পৰৱৰ্তী সময়ত পাকিস্তানী সেনাৰ ওপৰত তথা পাকিস্তানৰ বিভিন্ন স্থানত এওঁলোকে সশস্ত্ৰ সংগ্ৰাম কৰি আহিছে ৷

লগতে পঢ়কঃ পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.