ETV Bharat / international

শুকুৰবাৰে অনুষ্ঠিত হ’ব নেপালৰ কেন্দ্ৰীয় স্থায়ী কমিটিৰ বৈঠক

author img

By

Published : Jul 17, 2020, 2:26 PM IST

নেপালৰ কমিউনিষ্ট পাৰ্টি(এনচিপি) ৰ নেতা কেপি শৰ্মা অলী,পুষ্পা কমল দহল আৰু মাধৱ কুমাৰে 17 জুলাইত কেন্দ্ৰীয় স্থায়ী সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্ত অনুসৰি শুকুৰবাৰে অনুষ্ঠিত হ’ব উক্ত বৈঠক ৷

Nepals ruling party leaders to hold Central Standing Committee meeting today Etv bharat news
নেপালৰ কমিউনিষ্ট পাৰ্টিৰ বৈঠক

কাঠমাণ্ডু,17 জুলাই: শুকুৰবাৰে নেপালৰ কমিউনিষ্ট পাৰ্টি(এনচিপি) ৰ নেতা কেপি শৰ্মা অলী,পুষ্পা কমল দহল আৰু মাধৱ কুমাৰে 17 জুলাইত কেন্দ্ৰীয় স্থায়ী সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্ত অনুসৰি শুকুৰবাৰে অনুষ্ঠিত হ’ব উক্ত বৈঠক ৷

বিষয় সন্দৰ্ভত সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী অলীৰ পদত্যাগৰ দাবীত কোনো সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই যদিও দল-সংগঠনসমূহে পূৰ্বৰ স্থিতিতে অটল হৈ আছে ৷ বিগত মাহত আৰম্ভ হোৱা কেন্দ্ৰীয় স্থায়ী সমিতিৰ বৈঠকখনত সংগঠনসমূহৰ মাজত মতানৈক্য অব্যাহত থকাত স্থগিত ৰখা হৈছিল বৈঠকখন ৷ কিন্তু প্ৰধানমন্ত্ৰী অলীৰ পদত্যাগ দাবী কৰা দলসমূহৰ স্থিতি অৰাজনৈতিক হোৱাৰ লগতে কূটনৈতিক দিশতো স্পষ্ট নাছিল ৷

এই প্ৰসংগত অলী নেতৃত্বাধীন চৰকাৰৰ দ্বাৰা তিনি ভাৰতীয় ক্ষেত্ৰৰ অন্তৰ্ভুক্তিৰে এক নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ পিছত সত্বাধাৰী পাৰ্টিৰ একাংশ নেতাই দক্ষিণৰ নিকটৱৰ্তী দলৰ সৈতে মিত্ৰজোঁট গঠন কৰে ৷ সম্প্ৰতি অলী আৰু প্ৰচণ্ডই প্ৰায় প্ৰতিদিনে এখনৰ পিছত এখনকৈ বৈঠক অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ দুদিনীয়া কাৰ্যসূচীৰে লেহত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.