ETV Bharat / international

আস্থা ভোট বিচাৰিবলৈ সাজু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা

author img

By

Published : Jul 18, 2021, 4:06 PM IST

এসপ্তাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে অলিক আঁতৰাবলৈ হুকুমনামা জাৰি কৰাৰ পিছত দেউবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । আদালতে নিম্ন সদনৰ বৈঠক এসপ্তাহৰ ভিতৰত আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি দেওবাৰে আবেলি ৪ বজাত এখন বৈঠকৰ আহ্বান কৰা হৈছে ।

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ জুলাই : ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই (Sher Bahadur Deuba) দেওবাৰে তেওঁৰ দলৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ পিছতে সংসদত আস্থা ভোট (Vote of confidence) বিচাৰিব । যিহেতু ৰাষ্ট্ৰপতিয়ে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ৩০ দিনৰ ভিতৰত আস্থা ভোট বিচাৰিবলৈ কৈছিল । সদনৰ অধ্যক্ষৰ প্ৰেছ উপদেষ্টা শ্ৰীধৰ নিউপানে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰি কয় যে, আইন মন্ত্ৰীয়ে সংসদ-সচিবালয়ত আস্থা ভোট বিচৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । লগতে তেওঁ উল্লেখ কৰে যে নৱনিযুক্ত প্ৰধানমন্ত্ৰী দেউবাই বৈঠকত আস্থা ভোট গ্ৰহণ কৰিব ।

উল্লেখ্য যে, এসপ্তাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে অলিক আঁতৰাবলৈ হুকুমনামা জাৰি কৰাৰ পিছত দেউবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । আদালতে নিম্ন সদনৰ বৈঠক এসপ্তাহৰ ভিতৰত আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি দেওবাৰে আবেলি ৪ বজাত এখন বৈঠকৰ আহ্বান কৰা হৈছে ।

যোৱা সপ্তাহত সদন ভংগৰ গোচৰৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰৰ নামত ১৮ জুলাইৰ ভিতৰত নতুন সদন অধিৱেশন আহ্বান কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । ২২ মে'ত অসাংবিধানিকভাৱে ভংগ হোৱাৰ পিছত সংসদৰ ২৭৫ জনীয়া নিম্ন সদনৰ এইখন হ'ব প্ৰথম বৈঠক । ইফালে আস্থাৰ ভোটত জয়ী হ'বলৈ দেউবাই নিম্ন সদনত মুঠ ১৩৬ টা ভোট লাভ কৰিব লাগিব ।

এতিয়ালৈকে সংসদত মুঠ ২৭১ গৰাকী সদস্য আছে আৰু বাধ্যতামূলক ৫০ শতাংশ সমৰ্থনৰ বাবে দেউবাৰ বাবে ১৩৬ টা ভোটৰ প্ৰয়োজন হ'ব ৷ যাৰ বাবে তেওঁ বিৰোধী চিপিএন-ইউএমএলৰ মাধৱ কুমাৰ নেপাল (Madhav Kumar Nepal) গোটৰ পৰা সমৰ্থন আশা কৰিছে । নিম্ন সদনত নেপালী কংগ্ৰেছৰ (Nepali Congress) মুঠ ৬১ খন, চিপিএন-ইউএমএলৰ ( CPN-UML) ১২১ খন, নেপাল কমিউনিষ্টৰ (Nepal Communist) ৪৯ খন, জনতা সমাজবাদী পাৰ্টীৰ (JanataSamajbadi Party) ৩২ খন, জনমৰ্চা (Janamorcha), নেপাল কৃষক দল (Nepal Peasant Party) আৰু আৰপিপিৰ এখনকৈ আসন আছে । ইফালে চিপিএন-ইউএমএলৰ ৯৮ গৰাকীৰ বাহিৰে, নেপাল কৃষক দল, আৰপিপি আৰু জনতা সমাজবাদী পাৰ্টীৰ একাংশই দেউবাৰ বিৰুদ্ধে ভোট দিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ইমৰান খানৰ দলে লাভ কৰিছিল ২.২ বিলিয়ন অবৈধ পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.