ETV Bharat / international

নেপালৰ ৰাজনৈতিক অস্থিৰতা : অলি শৰ্মা আৰু পুষ্প কমল ডাহালৰ আলোচনা অসম্পূৰ্ণ

author img

By

Published : Jul 5, 2020, 8:37 PM IST

নেপালৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে ৷ দেওবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা আৰু কমিউনিষ্ট পাৰ্টী অৱ নেপালৰ শীৰ্ষ নেতা পুষ্প কমল ডাহালৰ মাজত এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ কিন্তু কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে দুয়োগৰাকী নেতাই আলোচনা সমাপ্ত কৰে ৷

অলি শৰ্মা আৰু পুষ্প কমল ডাহালৰ আলোচনা অসম্পূৰ্ণ

নিউজ ডেস্ক, 5 জুলাই : দেওবাৰে কোনো সমাধান অবিহনেই সমাপ্ত হয় নেপালৰ প্ৰধানমন্ত্ৰী আৰু নেপাল কমিউনিষ্ট পাৰ্টীৰ সহ-অধ্যক্ষ পুষ্প কমল ডাহালৰ মাজৰ আলোচনা ৷ দুয়োগৰাকী নেতাই সোমবাৰে বিয়লি ভাগত পুনৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ৰাষ্ট্ৰপতি বিদ্যা দেবী ভাণ্ডাৰীৰ সৈতে শীতল নিবাসত হোৱা আলোচনাৰ অন্তত পুষ্প কমল ডাহালে প্ৰধানমন্ত্ৰীৰ বালুৱাটাৰস্থিত বাসভৱনত উপস্থিত হৈ আলোচনাত মিলিত হয় ৷ নেপালৰ ৰাজনৈতিক অস্থিৰতা আৰু কমিউনিষ্ট পাৰ্টী অৱ নেপাল সন্দৰ্ভত আলোচনাৰ বাবেই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে দলটোৰ অন্যতম শক্তিশালী নেতাগৰাকীয়ে ৷

দেশখনত চলি থকা সংসদীয় অধিৱেশনৰ মাজতেই নেপাল কমিউনিষ্ট পাৰ্টীক লৈ দুয়োগৰাকী শীৰ্ষ নেতাৰ মাজত মতবিৰোধে দেখা দিয়ে ৷ ইতিমধ্যে দলটোৰ মাজত দুটা ভাগ স্পষ্টৰূপত পৰিলক্ষিত হৈছে ৷ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাই নিজৰ গাডী এৰি দিব বিচৰা নাই আৰু তাৰ বাবে ভাৰতৰ বিৰুদ্ধে নেপালী জাতিয়তাবাদক ব্যৱহাৰ কৰিছে ৷ আনহাতে নেপাল কমিউনিষ্ট পাৰ্টীৰ সহ-অধ্যক্ষ পুষ্প কমল ডাহাল ওৰফে প্ৰচন্দই দলটোৰ দায়িত্ব এৰি দিবলৈ অথবা প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি ল'বলৈ কেপি অলি শৰ্মাৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধ গঢ়ি তুলিছে ৷

এনে অৱস্থাত সমগ্ৰ বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ দুয়োগৰাকী নেতাই দেওবাৰে আলোচনাত মিলিত হৈছিল যদিও, কোনো ফলাফল অবিহনেই দেওবাৰৰ আলোচনা অন্ত পৰে ৷ অৱশ্যে সোমবাৰে পুনৰ আবেলিৰ ভাগত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ এনচিপিৰ অন্তৰ্কন্দলঃ নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক দলৰ শীৰ্ষ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.