ETV Bharat / international

সংসদ ভংগ কৰাৰ সিদ্ধান্ত নেপালৰ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 20, 2020, 2:25 PM IST

ক্ষমতাকেন্দ্ৰীক সংঘাতৰ মাজতে সংসদ ভংগ কৰাৰ সিদ্ধান্ত নেপালৰ প্ৰধানমন্ত্ৰীৰ ৷ দেওবাৰে সংসদ ভংগ কৰাৰ সিদ্ধান্ত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ ৷ স্বাভাৱিক কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই সংসদ ভংগ কৰাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অ'লিয়ে ৷ স্বাভাৱিক কাৰ্যকাল শেষ হ'বলৈ এতিয়াও দুটা বছৰ বাকী

nepal pm decides to dissolve parliament before completion of tenure
সংসদ ভংগ নেপালৰ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক,20 ডিচেম্বৰ: ক্ষমতাকেন্দ্ৰীক সংঘাতৰ মাজত দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিয়ে সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ নেপালৰ শাসনত অধিষ্ঠিত কমিউনিষ্ট দলৰ মাজত অব্যাহত থকা ক্ষমতাৰ সংঘাতৰ মাজতে অ'লিয়ে দেওবাৰে স্বাভাৱিক কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই সংসদ ত্যাগ কৰে ৷ অ'লিৰ স্বাভাৱিক কাৰ্যকাল শেষ হ'বলৈ এতিয়াও দুই বছৰ বাকী আছিল ৷

পুস্প কমল দাহাল প্ৰচন্দৰ সৈতে হোৱা এক বিফল আলোচনাৰ পাছতে দেওবাৰে ৰাতিপুৱা এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অৱশ্যে আইনী আৰু ৰাজনৈতিক বিশেষজ্ঞ সকলে অ'লিৰ এই আকস্মিক পদক্ষেপক অসাংবিধানিক বুলি আখ্যা দিছে ৷ প্ৰখ্যাত সাংবিধানিক আইনজীৱি ডঃ ভীমাৰ্জুন আচাৰ্যই এই কাৰ্যক এক সাংবিধানিক আঘাত হিছাপে অভিহিত কৰিছে ৷ এনচিপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলনাথ খানালেও মন্তব্য কৰিছে যে দলক বিশ্বাসত নোলোৱাকৈ লোৱা এই চৰম অসাংবিধানিক সিদ্ধান্তৰ বাবে অ'লিয়ে মূল্য দিব লাগিব ৷

লগতে পঢ়ক:ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.