ETV Bharat / international

নেপালে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিছে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমক

author img

By

Published : Jan 30, 2021, 8:02 PM IST

নেপালৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত নেপালৰ বিনিয়োগ ব'ৰ্ডৰ বৈঠকৰ সিদ্ধান্তমৰ্মে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমলৈ এক জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আগবঢ়োৱা হৈছে । সতলুজ জলবিদ্যুৎ নিগমৰ অধীনত ৬৭৯ মেগাৱাট নিম্ন অৰুণ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰ্য আৰম্ভ হ'ব ।

নেপালে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিছে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমক
নেপালে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিছে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: নেপালৰ বিনিয়োগ ব'ৰ্ডৰ বৈঠকৰ সিদ্ধান্তমৰ্মে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমলৈ আগবঢ়োৱা হৈছে এক জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম । নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

পূৰ্বে নেপালৰ বিনিয়োগ ব'ৰ্ডে হাইড্ৰ'ইলেক্ট্ৰিচিটি ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট কোম্পানী আৰু পাৱাৰ কনষ্ট্ৰাকছন অৱ চাইনা লিমিটেড, সতলুজ জলবিদ্যুৎ নিগমৰ এখন যুটীয়া উদ্যোগ প্ৰতিষ্ঠান আৰু গ্ৰীণ ৰিছ'ৰ্ছ লিমিটেড আৰু ইলেক্ট্ৰিকেল পাৱাৰ ডেভেলপমেণ্ট কোম্পানীৰ যুটীয়া উদ্যোগ প্ৰতিষ্ঠানক ৯০০ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰকল্প প্ৰদান কৰাৰ বাবে বাচনি কৰিছিল । একেধৰণে অৰুণ-৩ হাইডেল প্ৰকল্পৰ জৰিয়তে ৰেহাইৰ সময়ছোৱাত নেপালক ২১ শতাংশ বিনামূলীয়া শক্তি প্ৰদান কৰা হ'ব ।

নেপালৰ বিনিয়োগ ব'ৰ্ডৰ মতে, নিম্ন অৰুণ জলবিদ্যুৎ প্ৰকল্পৰ বিকাশকাৰীয়েও নেপালক কিছু শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰাৰ বিষয়ক প্ৰাধান্য দিয়া উচিত । নিম্ন অৰুণ জলবিদ্যুৎ প্ৰকল্পৰ বাবে ১০০ বিলিয়নতকৈও অধিক নেপালী টকা ব্যয় হ'ব । প্ৰাৰম্ভিক অধ্যয়ন অনুসৰি, সংৰক্ষণধৰ্মী প্ৰকল্প হিচাপে বিকশিত কৰিলে প্ৰকল্পটোৰ ক্ষমতা ১০০০ মেগাৱাটলৈ বৃদ্ধি পাব ।

২০১৯ বৰ্ষতে ভাৰতে এই প্ৰকল্পটো নিৰ্মাণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল । কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে ৯০০ মেগাৱাট ক্ষমতাসম্পন্ন অৰুণ-৩ হাইডেল প্ৰকল্পৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল । ২০ বছৰীয়া ব্যৱসায়িক সময়ৰ অন্ত পৰাৰ পিছত বিকাশকাৰীয়ে প্ৰকল্পটোৰ মালিকানা নেপাল চৰকাৰক হস্তান্তৰ কৰিব ।

লগতে পঢ়ক:আমেৰিকাৰ সৈতে পাৰমাণিক চুক্তি সম্প্ৰসাৰণত স্বাক্ষৰ পুটিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.