ETV Bharat / international

জালিয়াতিৰে বাবে ভংগ হ’ব পাৰে আং-চান-চ্যু-কীৰ দল

author img

By

Published : May 22, 2021, 7:13 PM IST

ভংগ হ’ব পাৰে আং-চান-চ্যু-কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী ৷ নিৰ্বাচনৰ সময়ত জালিয়াতি কৰাৰ অভিযোগত ম্যানমাৰৰ নিৰ্বাচন আয়োগে দলটো ভংগ কৰাৰ দিশত পৰ্যালোচনা কৰিছে ৷

myanmar-ec-mulls-dissolving-suu-kyis-nld-over-allegations-of-fraud
জালিয়াতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগত ভংগ হ’ব পাৰে আংচানচুকীৰ দল

ইন্টাৰনেছনেল ডেস্ক, 22 মে’ : ম্যানমাৰৰ নিৰ্বাচন আয়োগে বিগত বৰ্ষৰ নিৰ্বাচনৰ সময়ত জালিয়াতি কৰাৰ অভিযোগত আং-চান-চ্যু-কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী (এনএলডি) দলটো ভংগ কৰাৰ ওপৰত বিবেচনা কৰি আছে।

এনএইচকে ৱৰ্ল্ড নামৰ সংবাদগোষ্ঠীটোৰ এক প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে আয়োগৰ সামৰিকভাৱে নিযুক্ত অধ্যক্ষ থেইন ছোৱে ৰাজধানী নেপিটাৱত ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা এক বৈঠকত বক্তব্য ৰাখি এনএলডি ভংগ কৰাৰ বিষয়টোৰ ওপৰত মন্তব্য কৰে।

অধ্যক্ষ গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে ,"অবৈধ পৰিকল্পনা কৰি কাম কৰা এনএলডি দলৰ ওপৰত আমি কি ব্যৱস্থাৱ হাতত ল’ম ? আমি এই দলটো ভংগ কৰা উচিত নেকি? এই বিষয় সমূহৰ ওপৰত বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে।"

বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ সাধাৰণ নিৰ্বাচনত এনএলডি দলৰ বিৰুদ্ধে ব্যাপক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল থেইন ছোৱে য'ত, প্ৰতিদ্বন্দিতা কৰা আসন সমূহৰ 83 শতাংশতে জয়লাভ কৰিছিল দলটোৱে ৷

উল্লেখ্য যে, ম্যানমাৰৰ সামৰিক বাহিনীয়ে বিগত ১ ফেব্ৰুৱাৰীত ক্ষমতা দখল কৰি এক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল ।

ইফালে, এনএইচকে ৱৰ্ল্ডৰ প্ৰতিবেদনত এনএলডিক ভংগ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে ।

লগতে পঢ়ক :প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.