ETV Bharat / international

মোডীয়ে ভাল ইংৰাজী কয়, কিন্তু আলোচনাত বহিব নিবিছাৰেঃ ট্ৰাম্প

author img

By

Published : Aug 27, 2019, 7:10 PM IST

ভাৰত-পাকিস্তানৰ মাজৰ উত্তপ্ত পৰিস্থিতিক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত আলোচনা অনুষ্ঠিত হয় ৷ আলোচনাৰ মাজতে মোডীয়ে ভাল ইংৰাজী ক'ব পাৰে যদিও তেওঁ আলোচনাত বহিব নিবিচাৰে বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

মোডীৰ সৈতে ট্ৰাম্প

নিউজ ডেস্ক, 27 আগষ্টঃ জি7 সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা অনুষ্ঠিত হয় ৷ ব্যৱসায়-বাণিজ্যকে ধৰি সামৰিক সম্পৰ্ক আৰু ভাৰত-পাক সম্পৰ্কক লৈ দুয়োগৰাকী নেতাই নিজৰ মত প্ৰকাশ কৰে ৷

অন্তৰংগ সময়ত মোডীৰ সৈতে ট্ৰাম্প

আলোচনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ধেমালিৰ চলেৰে মোডীয়ে ভাল ইংৰাজী ক'ব পাৰে যদিও তেওঁ আলোচনাত বহিব নিবিছাৰে বুলি কয় ৷ প্ৰায় 40 মিনিটযোৰা আলোচনাত প্ৰধানমন্ত্ৰী মোডীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হোৱাৰ লগতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ হিন্দীতে প্ৰদান কৰে ৷ মোডীয়ে ট্ৰাম্পক এগৰাকী ভাল বন্ধু বুলি কোৱাৰ লগতে আলোচনা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেলগ হোৱাটো এক সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে ট্ৰাম্পে ৷

উল্লেখ্য যে, ফ্ৰান্সত অনুষ্ঠিত হৈ যোৱা জি7 সন্মিলনত ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী মোডীৰ লগতে অংশগ্ৰহণ কৰিছিল দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালকে ধৰি দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ বহুকেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল ৷ ইতিমধ্যে ফ্ৰান্সৰ পৰা ভাৰতলৈ উভটি আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.