ETV Bharat / international

পাকিস্তানত বন্দুক দেখুৱাই সাত বছৰীয়া নাবালিকা ধৰ্ষণ

পাকিস্তানত বন্দুক দেখুৱাই সাত বছৰীয়া নাবালিকা ধৰ্ষণ ৷ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে নাবালিকাগৰাকী ।

author img

By

Published : Nov 22, 2020, 5:41 PM IST

Minor girl battling for life after being raped at gunpoint in Lahore
সাত বছৰীয়া নাবালিকা ধৰ্ষণ

পাকিস্তান, ২২ নৱেম্বৰঃ পাকিস্তানৰ লাহোৰৰ নৱাব টাউন অঞ্চলত শনিবাৰে এগৰাকী ব্যৱসায়ীয়ে বন্দুক দেখুৱাই এগৰাকী সাত বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধৰ্ষিতা নাবালিকাগৰাকী । নাবালিকাগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 35 বছৰীয়া ব্যক্তিগৰাকীক ৷ ভুক্তভোগী নাবালিকাগৰাকীয়ে ব্যৱসায়ীগৰাকীৰ দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে লাজৰ কলনি নামৰ অঞ্চলটোত সংঘটিত হয় এই ঘটনা ।

আৰক্ষী থানাত ৰুজু কৰা গোচৰ অনুসৰি ব্যক্তিগৰাকীয়ে নাবালিকাগৰাকীক দোকানৰ ভিতৰত ধৰ্ষণ কৰি সংকটজনক অৱস্থাত এৰি সেই ঠাইৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত নাবালিকাগৰাকীৰ পিতৃয়ে এই বিষয়ে জানিব পাৰি কন্যাক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পিছতে অভিযান চলাই আটক কৰে ব্যক্তিজনক ।

লগতে পঢ়ক: আছুৰ নৱ নিৰ্বাচিত কাৰ্যালয় সম্পাদকে কি ক’লে ইটিভি ভাৰতক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.