ETV Bharat / international

আমেৰিকা আমাৰ ঘাই শত্ৰু-কিম জং উন

আমেৰিকা আমাৰ ঘাই শত্ৰু । এই মন্তব্য উত্তৰ কোৰিয়াৰ নেতা কিম জং উনেৰ । ওৱাশ্বিংটনৰ শান্তিপূৰ্ণ নীতি ভংগ হ'লে উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজৰ সম্বন্ধটোৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হ'ব বুলি কয় নেতাগৰাকীয়ে ।

উত্তৰ কোৰিয়াৰ ঘাই শত্ৰু আমেৰিকা - কিম জং উন

author img

By

Published : Jan 9, 2021, 5:53 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী: উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে আমেৰিকাক তেওঁলোকৰ ডাঙৰ শত্ৰু বুলি মন্তব্য কৰে আৰু যেতিয়ালৈকে আমেৰিকাই শত্ৰুতাৰ সমাপ্ত নকৰে তেতিয়ালৈ তেওঁলোকৰ দেশৰ পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ আগবঢ়াই নিব বুলি কয়। আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ'বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এনেদৰে মন্তব্য কৰে কিম জং উনে ।

উত্তৰ কোৰিয়াৰ ঘাই শত্ৰু আমেৰিকা - কিম জং উন
উত্তৰ কোৰিয়াৰ ঘাই শত্ৰু আমেৰিকা - কিম জং উন

ইয়াৰোপৰি দেশখনে বিভিন্ন নতুন অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষণৰ লগতে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে বুলি কিমে জনায় । এইসমূহৰ ভিতৰত আছে মাল্টি ওৱাৰহেড ৰকেট,আণ্ডাৰ ওৱাটাৰ লাঞ্চ নিউক্লিয়াৰ মিছাইল,স্পাই চেটেলাইট আৰু পৰমাণু সঞ্চালিত চাবমেৰিন ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি,হোৱাইট হাউচ লাগিলে যাৰেই দখলত নাথাকক কিয় সেয়া ওৱাশ্বিংটনৰ শান্তিপূৰ্ণ নীতিৰ কোনো পৰিৱৰ্তন নহয় কিন্তু এই নীতি ভংগ হ'লে উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজৰ সম্বন্ধটোৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হ'ব বুলি কয় নেতাগৰাকীয়ে । ইয়াৰ লগতে কয় যে সংযুক্ত ৰাষ্ট্ৰখনৰ পৰমাণু আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ আৰু কোৰিয়ালৈ শান্তি-সম্প্ৰীতি ঘূৰাই আনিবলৈ সংকোচবিহীনভাৱে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ক্ষমতাক মজবুত কৰিবলৈ অত্যন্তই আৱশ্যক ।

অৱশ্যে কিমৰ এই মন্তব্যৰ এই মূহূৰ্তলৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আমেৰিকাই ।

ইয়াৰ মাজতে কিমে অহা পাঁচ বছৰলৈ আত্মনিৰ্ভৰশীলতাৰ এক নতুন আৰ্থিক বিকাশ যোজনাৰ উন্মোচন কৰে ।

নৱেম্বৰ মাহত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল । সেই সন্দৰ্ভত শুকুৰবাৰে কিমে সংযুক্ত ৰাষ্ট্ৰখনৰ শাসন ব্যৱস্থা পৰিৱৰ্তন কৰিবলৈ মন্তব্য কৰিছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে কিম জং উনে কোনোধৰণৰ উচটনিমূলক মন্তব্য প্ৰকাশ কৰা নাছিল ।

ডনাল্ড ট্ৰাম্পৰ সৈতে কিমে তিনিখনকৈ বৈঠকত মিলিত হৈছে । ২০১৯ চনত হানৈত দুয়োগৰাকী নেতাই শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনৰ পাচত দুয়োদেশৰ মাজত থকা বিভেদ কম কৰিবলৈ উত্তৰ কোৰিয়াৰ একমাত্ৰ প্ৰচেষ্টা আৰু অশেষ ধৈৰ্যৰ পাচতো আমেৰিকাই শান্তিপূৰ্ণ নীতি ভংগ কৰে। ইয়াৰ পাচতে উত্তৰ কোৰিয়াই সীমিত পৰিমাণৰ মিছাইল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰসমূহৰ পৰীক্ষণ কৰিছিল ।

বিগত বৰ্ষৰ অক্টোবৰ মাহত উত্তৰ কোৰিয়াৰ শাসনাধীন চৰকাৰৰ ৭৫ সংখ্যক দিৱসত এক নতুন আন্তৰ্মহাদেশীয় বেলিষ্টিক মিছাইলৰ প্ৰদৰ্শন কৰিছিল ।

লগতে পঢ়ক:অৰ্থনৈতিক কেবিনেট দল ঘোষণা বাইডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.