ETV Bharat / international

কাবুল বিমানবন্দৰত পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল - কাবুল বিমানবন্দৰ বাতৰি

কাবুলৰ হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শীঘ্ৰে পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল ৷ এই কথা জানিবলৈ দিছে এয়াৰপ’ৰ্ট ডাইৰেক্টৰ হাদী হামাদানীয়ে ৷

Kabul airport to be ready for int'l flights soon: Official
কাবুল বিমানবন্দৰত পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল
author img

By

Published : Sep 14, 2021, 2:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 ছেপ্তেম্বৰ : পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ বাবে সাজু হৈছে কাবুলৰ হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৷ ইতিমধ্যে বিমানবন্দৰৰ কাৰিকৰী সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়াস কৰি থকা হৈছে ৷ এই কথা জানিবলৈ দিছে এয়াৰপ’ৰ্ট ডাইৰেক্টৰ হাদী হামাদানীয়ে ৷

সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা পুনৰ মুকলি সন্দৰ্ভত মন্তব্য কৰি হাদী হামাদানীয়ে কয়, "ঘৰুৱা বিমান চলাচল ইতিমধ্যে আৰম্ভ হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলো শীঘ্ৰে আৰম্ভ কৰা হ’ব ৷ বিমানবন্দৰৰ বাকী থকা 10-15 শতাংশ কাৰিকৰী সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰি থকা হৈছে" ৷ সোমবাৰে পুৱাই পাকিস্তানী এয়াৰলাইনৰ বিমান কাবুল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে এই মন্তব্য আগবঢ়ায় হাদী হামাদানীয়ে ৷

হামদানীয়ে জনোৱা অনুসৰি, যোৱা 31 আগষ্টত আফগানিস্তানৰ পৰা আমেৰিকান নাগৰিকসকলৰ লগতে মাৰ্কিন সেনাৰ প্ৰত্যাৱৰ্তনৰ সময়তেই বিমানবন্দৰ বিভিন্ন সুবিধা ধ্বংসপ্ৰাপ্ত হৈছিল ৷

তেওঁ লগতে নিশ্চিন্ত কৰে যে, কাটাৰ, বাহৰেইন, UAE, উজবেকিস্তান, কাজাখাস্তান আৰু পাকিস্তানৰ পৰা বিভিন্ন মানৱীয় সহায়ৰ সামগ্ৰীসমূহ বিমানেৰে কাবুল বিমানবন্দৰলৈ অনা হৈছে ৷ অনাগত দিনত ৰাছিয়া, তুৰ্কীৰ পৰাও সাহায্য় আহিব বুলি আশা কৰা হৈছে ৷ আনহাতে, দেশখনৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছৰে পৰা বিনামূলীয়াকৈ নিজৰ সেৱা আগবঢ়াই আছে বিমানবন্দৰৰ কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক : গাজাৰ আন এটি ৰকেট নিস্ক্ৰিয় কৰিলে ইজৰাইলৰ আইৰন ডোমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.